ইলন ভাল মানুহ, কিন্তু তেওঁৰ সময়বোৰ বেয়া গৈছে! কিয় এই কথা ক’লে ট্ৰাম্পে? সম্পৰ্ক উন্নত হোৱাৰ লক্ষণ নেকি?

এসময়ৰ বন্ধু এতিয়া তেওঁৰ ‘শত্রু’ৰ ভূমিকাত। কেইমাহমান পূৰ্বে দুই বন্ধুৰ মাজত বিবাদ চৰম পৰ্যায়ত আছিল। প্ৰসংগঃ ইলন মাস্ক আৰু ড’নাল্ড ট্রাম্পৰ। কিন্তু এতিয়া সময় সলনি হৈছে। আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰ মতে, মাস্ক বেয়া মানুহ নহয়, কিন্তু তেওঁৰ বৰ্তমানৰ সময়খিনি বেয়া গৈছে!

সম্প্রতি ‘গ্যালপ’ নামৰ এটা সমীক্ষা সংস্থাৰ প্ৰতিবেদন প্ৰকাশ পাইছে যে, জানুৱাৰীৰ তুলনাত আমেৰিকাত মাস্কৰ জনপ্রিয়তা বহু পৰিমাণে কমিছে। এই বিষয়ে ট্রাম্পক সোধাত তেওঁ সাংবাদিকসকলক কয়, “‘মই নাজানো সেই সমীক্ষা শুদ্ধ নে নহয়। কিন্তু মোৰ মতে, তেওঁ (মাস্ক) এজন ভাল মানুহ। তেওঁৰ এতিয়া বেয়া সময় চলি আছে। কিন্তু তেওঁ নিশ্চিতভাৱে ভাল মানুহ, এইটো মোৰ বিশ্বাস।’”

উল্লেখ্য যে, ৭ৰ পৰা ২১ জুলাইলৈ ‘গ্যালপ’য়ে এটা সমীক্ষা চলাইছিল। তেওঁলোকে ১৪জন বিশিষ্ট ব্যক্তিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। তাৰ মাজত আছিল মাস্ক, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, ইউক্ৰেইনৰ ৰাষ্ট্রপতি ভল’দিমিৰ জেলেনস্কি, প্ৰাক্তন আমেৰিকান ৰাষ্ট্রপতি জ’ বাইডেন, পোপ লিঅ’ চতুর্দশ আদি। সমীক্ষাত দেখা গৈছে, জানুৱাৰীৰ তুলনাত জুলাইত মাস্কৰ জনপ্রিয়তা ২৪ পইণ্ট কমিছে। ৬১ শতাংশ উত্তৰদাতাই মাস্কৰ বিষয়ে নেতিবাচক মতামত দিছে, আনহাতে ৩৩ শতাংশই তেওঁক পছন্দ কৰিছে। বাকী ৬ শতাংশই মাস্কৰ বিষয়ে মুখ নোখোলে।

আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচনৰ পূৰ্বে ট্রাম্পৰ প্ৰচাৰত  দেখা গৈছিল ধনকুবেৰ তথা টেছলাৰ প্ৰধান ইলন মাস্কক। তেওঁ ৰিপাব্লিকান প্ৰাৰ্থী ট্রাম্পক সম্পূৰ্ণ সমৰ্থন জনাইছিল আৰু তেওঁৰ হৈ প্ৰচাৰো কৰিছিল। ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত ট্রাম্পৰ প্ৰশাসনত মাস্কে বিশেষ গুৰুত্ব লাভ কৰিছিল। তেওঁক ৰাষ্ট্রপতিৰ বিশেষ পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হৈছিল আৰু তেওঁৰ বাবে এটা পৃথক দপ্তৰ গঠন কৰা হৈছিল। সেই চৰকাৰী দক্ষতা বিষয়ক দপ্তৰ (ডিঅ’জিই)ৰ কাম আছিল অপ্ৰয়োজনীয় খৰচ কমাই চৰকাৰৰ সঞ্চয়ৰ ব্যৱস্থা কৰা। ট্রাম্প আৰু মাস্কৰ ঘনিষ্ঠতা দিনক দিনে বাঢ়িছিল। কিন্তু এখন বিধেয়কক কেন্দ্ৰ কৰি দুয়োৰে মাজত বিবাদৰ সূচনা হয়। ট্রাম্পৰ “‘বৃহৎ আৰু সুন্দৰ’” বুলি বৰ্ণনা কৰা সেই বিধেয়কৰ প্ৰকাশ্য সমালোচনা মাস্কে কৰিছিল। এসময়ৰ মধুৰ সম্পর্ক তিতা হৈ পৰে। মাস্কে ট্রাম্পক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈও এৰা নাছিল। তেওঁ ডিঅ’জিই এৰিছিল। কিন্তু আমেৰিকাৰ কংগ্ৰেছৰ উভয় কক্ষত গৃহীত হোৱাৰ পিছত ট্রাম্পৰ সেই “‘বৃহৎ আৰু সুন্দৰ’” বিধেয়ক আইনত পৰিণত হয়। তাৰ পিছত মাস্কে নিজৰ নতুন ৰাজনৈতিক দল “‘আমেৰিকা পাৰ্টি’” ঘোষণা কৰে। কিন্তু ট্রাম্পে মাস্কৰ দলক গুৰুত্ব নিদিয়াৰ কথাও প্ৰকাশ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...