প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ এঘণ্টীয়া ফোনালাপ; ট্ৰাম্পৰ শুল্কনীতিৰ পিছত দুয়োখন দেশে কি সিদ্ধান্ত লৈছে?

সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে, তেওঁৰ সৈতে ব্রাজিলৰ ৰাষ্ট্রপতি লুলাৰ ব্রিক্স সন্মিলনত সাক্ষাৎ হৈছিল। তাৰ পিছত ‘পাৰস্পৰিক সহযোগিতা’ৰ বিষয়ে ফোনালাপত ‘ভাল আলোচনা’ হৈছে। তেওঁ জনাইছে যে, ইন্ধন, বাণিজ্য, স্বাস্থ্য, প্ৰযুক্তি, প্ৰতিৰক্ষা আদি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু ব্রাজিলে কৌশলগতভাৱে পৰস্পৰক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মোদীৰ দাবী, এই সহযোগিতাৰ ফলত দক্ষিণৰ দেশসমূহো উপকৃত হ’ব। ভাৰতৰ তৰফৰ পৰা জনোৱা হৈছে যে, প্ৰথম ফোন ব্রাজিলৰ পৰাই আহিছিল। জানিব পৰা গৈছে যে, কৃষিক্ষেত্ৰতো দুয়োখন দেশে পৰস্পৰক সহযোগিতা কৰিব। ইয়াৰ উপৰি বৈঠকত বিশ্বৰ বিভিন্ন বিষয়ো উত্থাপিত হৈছে।

ব্রাজিলৰ ৰাষ্ট্রপতি লুলাই সামাজিক মাধ্যমত জনাইছে যে, আমেৰিকাৰ ‘একপক্ষীয় শুল্ক আৰোপ’ৰ পিছত ‘আন্তৰ্জাতিক অৰ্থনৈতিক পৰিস্থিতি’ৰ বিষয়ে দুয়োখন দেশৰ মাজত আলোচনা হৈছে। তেওঁৰ দাবী, ভাৰত আৰু ব্রাজিল, এই দুই ‘ক্ষতিগ্ৰস্ত’ দেশে পৰিস্থিতি মোকাবিলাৰ বাবে বৃহৎ সংহতি ‘অন্বেষণ’ৰ ওপৰত গুৰুত্ব দিছে। লুলাই আৰু জনাইছে যে, আগন্তুক বছৰৰ আৰম্ভণিতে তেওঁ ব্রাজিলৰ উপ-ৰাষ্ট্রপতিৰ সৈতে ভাৰতলৈ আহিব। মূল লক্ষ্য হ’ব বাণিজ্য। তাত তেওঁৰ দেশৰ মন্ত্ৰী আৰু ব্যৱসায়ীসকলো উপস্থিত থাকিব। খনিজ, ইন্ধন, স্বাস্থ্য আৰু ডিজিটেল বিষয়ক লৈ আলোচনা হ’ব পাৰে। লুলাৰ দাবী, ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত অৰ্থনীতি ২০ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধিৰ বিষয়তো আলোচনা হৈছে।

উল্লেখ্য যে, ব্রাজিলৰ ওপৰত আমেৰিকাই শুল্ক আৰোপৰ ঘোষণাৰ পিছত লুলাই ট্রাম্পৰ সৈতে আলোচনাৰ পথলৈ নাহে বুলি জনাইছিল। তেওঁ ভাৰতৰ সৈতে আলোচনাৰ কথা কৈছিল। সেইমতে ব্রাজিলৰ পৰা ভাৰতলৈ ফোন আহে আৰু পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা হয়। আনহাতে, ভাৰতৰ ওপৰত আমেৰিকাৰ অতিৰিক্ত শুল্ক আৰোপক ভাৰতৰ তৰফৰ পৰা ‘অযুক্তিকৰ’ বুলি জনোৱা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীত CJPৰ প্ৰতিবাদ; অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আজি আদালতত হাজিৰ কৰোৱা হ’ব

শনিবাৰে দিল্লী মেট্ৰ’ৰ ৰাজীৱ চক, নতুন দিল্লী, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট,...

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...