ব্ৰাজিলৰ মাজ আকাশত হট এয়াৰ বেলুনত জুই! অগ্নিকাণ্ডত ৮ জন নিহত

ব্ৰাজিলৰ মাজ আকাশত হট এয়াৰ বেলুনত জুই লাগি ৮জনৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ১৩ জন।

সংবাদ সংস্থা ৰয়টাৰ্ছৰ খবৰ অনুসৰি, শনিবাৰে দক্ষিণ ব্ৰাজিলৰ ছান্টা কেটাৰিনাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা ২২জন যাত্ৰীক লৈ বেলুনটোৰ উৰণ আৰম্ভ হৈছিল। কিন্তু মাজ আকাশত হঠাতে তাত জুই লাগি যায়। উৰন্ত অৱস্থাতে জুইত দগ্ধ হৈ ৮জনৰ মৃত্যু হৈছে। শেষত প্ৰাইয়া গ্ৰান্দে চহৰত হট এয়াৰ বেলুনটো খহি পৰে। তেতিয়াও বেলুনত থকা বহুলোক জীৱিত আছিল। ততাতৈয়াকৈ তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ নিয়া হয়। তাত তেওঁলোকৰ চিকিৎসা চলি আছে। ছান্টা কেটাৰিনাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনাইছে যে, দুজনৰ অৱস্থা সংকটজনক।

ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। ভিডিঅ’টোত দেখা গৈছে, উৰি থকা অৱস্থাতে হট এয়াৰ বেলুনটোত হঠাতে জুই লাগি যায়। ইয়াৰ পিছতে ঘন ক’লা ধোঁৱা নিৰ্গত হ’বলৈ ধৰে। শেষত জ্বলি জ্বলি মাটিত খহি পৰে বেলুনটো। স্থানীয় গভৰ্ণৰ জৰ্জিনহো মেল্লোৰৰ মতে, “শনিবাৰ পুৱা ৭ বজাত এই ঘটনা সংঘটিত হৈছে। প্ৰাইয়া গ্ৰান্দেৰ উদ্দেশ্যে একেলগে ৩০টা বেলুন আকাশত উৰিছিল। তাৰে এটাত জুই লাগি যায়। সময়মতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈছিল। এতিয়ালৈকে আঠজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আঘাতপ্ৰাপ্ত হৈছে ১৩ জন।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...