ব্ৰাজিলৰ মাজ আকাশত হট এয়াৰ বেলুনত জুই! অগ্নিকাণ্ডত ৮ জন নিহত

ব্ৰাজিলৰ মাজ আকাশত হট এয়াৰ বেলুনত জুই লাগি ৮জনৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ১৩ জন।

সংবাদ সংস্থা ৰয়টাৰ্ছৰ খবৰ অনুসৰি, শনিবাৰে দক্ষিণ ব্ৰাজিলৰ ছান্টা কেটাৰিনাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা ২২জন যাত্ৰীক লৈ বেলুনটোৰ উৰণ আৰম্ভ হৈছিল। কিন্তু মাজ আকাশত হঠাতে তাত জুই লাগি যায়। উৰন্ত অৱস্থাতে জুইত দগ্ধ হৈ ৮জনৰ মৃত্যু হৈছে। শেষত প্ৰাইয়া গ্ৰান্দে চহৰত হট এয়াৰ বেলুনটো খহি পৰে। তেতিয়াও বেলুনত থকা বহুলোক জীৱিত আছিল। ততাতৈয়াকৈ তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ নিয়া হয়। তাত তেওঁলোকৰ চিকিৎসা চলি আছে। ছান্টা কেটাৰিনাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনাইছে যে, দুজনৰ অৱস্থা সংকটজনক।

ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। ভিডিঅ’টোত দেখা গৈছে, উৰি থকা অৱস্থাতে হট এয়াৰ বেলুনটোত হঠাতে জুই লাগি যায়। ইয়াৰ পিছতে ঘন ক’লা ধোঁৱা নিৰ্গত হ’বলৈ ধৰে। শেষত জ্বলি জ্বলি মাটিত খহি পৰে বেলুনটো। স্থানীয় গভৰ্ণৰ জৰ্জিনহো মেল্লোৰৰ মতে, “শনিবাৰ পুৱা ৭ বজাত এই ঘটনা সংঘটিত হৈছে। প্ৰাইয়া গ্ৰান্দেৰ উদ্দেশ্যে একেলগে ৩০টা বেলুন আকাশত উৰিছিল। তাৰে এটাত জুই লাগি যায়। সময়মতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈছিল। এতিয়ালৈকে আঠজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আঘাতপ্ৰাপ্ত হৈছে ১৩ জন।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...