পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। সুষমা স্বৰাজৰ পিছত পাকিস্তান যাবলৈ ওলোৱা প্ৰথমজন বিদেশ মন্ত্ৰী জয়শংকৰ। ইছলামাবাদত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশ ল’ব জয়শংকৰে। অহা ১৫-১৬ অক্টোবৰত ইছলামাবাদত হ’ব এই সংস্থাৰ শীৰ্ষ সন্মিলন। পাকিস্তানে এই বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছিল আমন্ত্ৰণ। পুলৱামা কাণ্ডৰ পিছতে অধিক তিক্ত হৈ পৰিছিল ভাৰত-পাকিস্তানৰ সম্পৰ্ক। জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বিলুপ্ত কৰাক লৈ পাকিস্তানে কৰি আহিছিল আপত্তি। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাতো যোৱা সপ্তাহত পাকিস্তানক সতৰ্কবাণী শুনাইছিল বিদেশ মন্ত্ৰীজনে। আন্তঃসীমান্ত সন্ত্ৰাসবাদৰ বাবে পাকিস্তানক কঠোৰ সকীয়নি জয়শংকৰৰ। এই সংস্থাৰ সদস্যৰূপে ভাৰত, পাকিস্তানৰ উপৰিও আছে চীন আৰু ৰাছিয়া। কাজাঘস্তান, কিৰ্গিজ ৰিপাব্লিক, তাজিকিস্তান এই সংস্থাৰ সদস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...