ই-ৰিক্সা হ’ব পাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভয়ংকৰ ভাবুকি: বঙাইগাঁৱৰ অভিযন্তাৰ নতুন আৱিষ্কাৰে উদঙালে বিপদৰ সংকেত, তৎপৰ CID

চীনদেশত নিৰ্মিত ই-ৰিক্সাৰ বেটাৰীয়ে ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিব পাৰে এক ডাঙৰ বিপদ। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বঙাইগাঁৱৰ এজন চাইবাৰ নিৰাপত্তা অভিযন্তাৰ এটা পোষ্টে খলকনি তোলাৰ পিছতেই সমগ্ৰ বিষয়টোক লৈ এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ চিআইডি (CID)।

মোবাইল এপৰ জৰিয়তে নিয়ন্ত্ৰণ চলন্ত ই-ৰিক্সা

ছ’চিয়েল মিডিয়াত বৰ্তমান এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে চালকে গম নোপোৱাকৈয়ে কেৱল এটা মোবাইল এপৰ জৰিয়তে এখন চলন্ত ই-ৰিক্সা বন্ধ কৰি দিয়া হৈছে। আকৌ একেটা এপৰ জৰিয়তেই ই-ৰিক্সাখন পুনৰ ষ্টাৰ্ট কৰিবও পৰা গৈছে। এই চাঞ্চল্যকৰ ভিডিঅ’টো আপলোড কৰিছে বঙাইগাঁৱৰ চাইবাৰ নিৰাপত্তা অভিযন্তা ৰনী দাসে।

চীনৰ BMS (Battery Management System) এপৰ কাৰিকৰী দিশসমূহ পৰীক্ষা কৰি আৰু নিজস্ব গৱেষণাৰ সহায়ত ৰনী দাসে এটা নতুন ছফ্টৱেৰ এপ’ প্ৰস্তুত কৰি উলিয়াইছে। ৰনীৰ দাবী অনুসৰি, তেওঁ সাজি উলিওৱা এই এপটো অত্যন্ত বিপজ্জনক, কাৰণ ইয়াৰ জৰিয়তে আঙুলিৰ এটা টিপতে ই-ৰিক্সাত থকা বেটাৰীসমূহ জ্বলাই ছাৰখাৰ কৰি দিব পৰা যায়।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ডাঙৰ ভাবুকি!

অভিযন্তা ৰনী দাসে আশংকা প্ৰকাশ কৰি কয় যে যদি ভাৰতত বহি তেওঁ নিজে প্ৰস্তুত কৰা ছফ্টৱেৰৰ জৰিয়তে ই-ৰিক্সা এখন সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পৰা গৈছে, তেন্তে চীনৰ দৰে শত্ৰু দেশে ইয়াতকৈও ডাঙৰ আৰু ভয়ংকৰ পৰিকল্পনা কৰাটো তেনেই সহজ কথা। বিশেষকৈ কোনো যুদ্ধকালীন পৰিস্থিতিত চীনত নিৰ্মিত এই ই-ৰিক্সাসমূহ আৰু ইয়াৰ বেটাৰী ব্যৱস্থা সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক ভয়াৱহ ভাবুকি হৈ পৰিব পাৰে।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই তৎপৰ CID

ৰনী দাসে এই বিপদৰ সংকেত দি ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতেই বিষয়টোৱে ৰাজ্যিক নিৰাপত্তা সংস্থাসমূহৰ দৃষ্টি আকৰ্ষণ কৰে। মঙলবাৰে অসম আৰক্ষীৰ চিআইডি (CID) কাৰ্যালয়ৰ পৰা ৰনী দাসৰ সৈতে যোগাযোগ কৰা হয় আৰু এই প্ৰযুক্তিৰ সবিশেষ বুজ ল’বলৈ তৎপৰতা গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, ৰনী দাস কোনো সাধাৰণ যুৱক নহয়; ইয়াৰ পূৰ্বে ২০২১ চনত বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠান ‘গুগল’ (Google)ৰ এপ্লিকেচনত এক গুৰুত্বপূৰ্ণ কাৰিকৰী ভুল বা বিসংগতি ধৰা পেলাই গুগল কৰ্তৃপক্ষৰ পৰা পুৰস্কৃত হৈছিল এইগৰাকী অসমীয়া অভিযন্তা।

ৰনী দাসে দাবী কৰা ধৰণেই যদি চীনত নিৰ্মিত ই-ৰিক্সাৰ এই কাৰিকৰী ব্যৱস্থা সঁচাকৈয়ে দেশৰ নিৰাপত্তাৰ বাবে এক ডাঙৰ ত্ৰাস হৈ পৰে, তেন্তে আগন্তুক সময়ত কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা সংস্থাসমূহে ইয়াক প্ৰতিহত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া অত্যন্ত লক্ষ্যণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...