দুৰ্গতিনাশিনীৰ আশিস ল’লে শিল্পীয়ে

পূজা পূজা বলিউড। জয়া বচ্চনৰ পৰা কাজল, ৰাণী মুখাৰ্জীলৈ… দুৰ্গতিনাশিনীৰ আশিস ল’লে শিল্পীয়ে। এখন বিশেষ পূজাস্থলী। সেই পূজা মণ্ডপত ভিৰ বলীউড তাৰকা শিল্পীৰ।

দুৰ্গতিনাশিনীৰ আশিস ল’লে কাজল, ৰাণী মুখাৰ্জীয়ে। পূজাৰ মাজতে জনপ্ৰিয় অভিনেতা, অভিনেত্ৰীৰ ফটো ছেচনো চলি থাকিলে। পুত্ৰক লগত লৈ আহিল অভিনেত্ৰী কাজল।

জুহুৰ সাৰ্বজনীন পূজা মণ্ডপত বলীউডৰ ন–পুৰণি শিল্পীৰ সমাৱেশ।

পূজাস্থীলত উপস্থিত হোৱা বলীউডৰ তাৰকাক লৈ সাধাৰণ লোকৰ মাজত দেখা উৎসুকতাও। তাৰকাৰ সৈতে ফটো উঠাৰ বাবে হেতা–ওপৰা লাগিল। ৰণবীৰ কাপুৰক ঘেৰি ধৰিলে অনুৰাগীয়ে।

পূজাস্থলীত দেখা গ’ল আদা শৰ্মা, ছেৰলিন চোপ্ৰা, তানিষা মুখাৰ্জী, উৰ্বশী ৰউতেলাক। সাংসদ অভিনেত্ৰী জয়া বচ্চনো আহিল দেবী দুৰ্গাৰ আশিস ল’বলৈ। সৰু পৰ্দাৰ জনপ্ৰিয় মুখ সোভনা চৌধুৰী, ৱাটছল শেঠসহ আন বহু অভিনেতা–অভিনেত্ৰীৰ ভিৰ হ’ল পূজাস্থলীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...