ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও কিন্তু অতি সংগোপনে বিভিন্ন ঠাইৰে সৰবৰাহ হৈয়ে আছে মাৰাত্মক ড্ৰাগছ। বৰবিহৰ কলা বজাৰত ভৰি থৈছে ন ন সৰবৰাহকাৰীয়ে। তাৰে মাজত কাছাৰ হৈ পৰিছে ড্ৰাগছ সৰবৰাহৰ অন্যতম সুচল বাট। শিলচৰ-আইজল সংযোগী পথৰ ভাগা সপ্টগ্ৰামত পুনৰ জব্দ ড্ৰাগছ। হেৰ’ইনসহ গ্ৰেপ্তাৰ মণিপুৰৰ এটা দম্পত্তি।

গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে শিলচৰ-আইজল সংযোগী পথৰ ভাগা সপ্তগ্ৰামত মণিপুৰৰ পৰা অহা এখন বাহনত তলাচি চলাই বাহনখনৰ গোপন চেম্বাৰৰ পৰা ৯৯টা চাবোনৰ বাকচত মুঠ ১ কেজি ২০০ গ্ৰাম হেৰ’ইন জব্দ কৰে। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মণিপুৰৰ চূড়াচান্দপুৰৰ এটা দম্পতিক । জব্দ হোৱা বৃহৎ পৰিমাণৰ হেৰ’ইন খিনিৰ চোৰাং বজাৰ মূল্য কেইবাকোটি টকা হব বুলি জনাইছে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

বৃহৎ পৰিমাণৰ এই হেৰ’ইনখিনি চুবুৰীয়া মণিপুৰৰ লৈ অনা হৈছিল আৰু কাছাৰৰ মাজেদি বহিৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা আছিল।

এতিয়া কথা হ’ল এই ট্ৰেনজিত পইণ্টেৰে অহা সকলো ড্ৰাগছ ধৰা পৰেনে? আৰক্ষীয়ে নিজৰ কাম কৰিছে, পিছে চৰকাৰে এইক্ষেত্ৰত এক দীৰ্ঘম্যাদি ব্যৱস্থা এতিয়াই লবৰ হোৱা নাইনে? অন্যথা এই পথটোৰ প্ৰান্তীয় অঞ্চলসমূহত যে ঠায়ে ঠায়ে সৰু বৰ ড্ৰাগছৰ সাম্ৰাজ্য গঢ় লৈ নুঠিব তাৰ নিশ্চয়তা একেবাৰেই নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...