ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও কিন্তু অতি সংগোপনে বিভিন্ন ঠাইৰে সৰবৰাহ হৈয়ে আছে মাৰাত্মক ড্ৰাগছ। বৰবিহৰ কলা বজাৰত ভৰি থৈছে ন ন সৰবৰাহকাৰীয়ে। তাৰে মাজত কাছাৰ হৈ পৰিছে ড্ৰাগছ সৰবৰাহৰ অন্যতম সুচল বাট। শিলচৰ-আইজল সংযোগী পথৰ ভাগা সপ্টগ্ৰামত পুনৰ জব্দ ড্ৰাগছ। হেৰ’ইনসহ গ্ৰেপ্তাৰ মণিপুৰৰ এটা দম্পত্তি।

গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে শিলচৰ-আইজল সংযোগী পথৰ ভাগা সপ্তগ্ৰামত মণিপুৰৰ পৰা অহা এখন বাহনত তলাচি চলাই বাহনখনৰ গোপন চেম্বাৰৰ পৰা ৯৯টা চাবোনৰ বাকচত মুঠ ১ কেজি ২০০ গ্ৰাম হেৰ’ইন জব্দ কৰে। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মণিপুৰৰ চূড়াচান্দপুৰৰ এটা দম্পতিক । জব্দ হোৱা বৃহৎ পৰিমাণৰ হেৰ’ইন খিনিৰ চোৰাং বজাৰ মূল্য কেইবাকোটি টকা হব বুলি জনাইছে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

বৃহৎ পৰিমাণৰ এই হেৰ’ইনখিনি চুবুৰীয়া মণিপুৰৰ লৈ অনা হৈছিল আৰু কাছাৰৰ মাজেদি বহিৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা আছিল।

এতিয়া কথা হ’ল এই ট্ৰেনজিত পইণ্টেৰে অহা সকলো ড্ৰাগছ ধৰা পৰেনে? আৰক্ষীয়ে নিজৰ কাম কৰিছে, পিছে চৰকাৰে এইক্ষেত্ৰত এক দীৰ্ঘম্যাদি ব্যৱস্থা এতিয়াই লবৰ হোৱা নাইনে? অন্যথা এই পথটোৰ প্ৰান্তীয় অঞ্চলসমূহত যে ঠায়ে ঠায়ে সৰু বৰ ড্ৰাগছৰ সাম্ৰাজ্য গঢ় লৈ নুঠিব তাৰ নিশ্চয়তা একেবাৰেই নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...