ড০ ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্ত

ড° ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছে। তেওঁ বৰ্তমান আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ হিচাপে আছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাউথ-ইষ্ট এছিয়া ষ্টাডীজৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। শিৱসাগৰৰ কোঁৱৰপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতেই ডিগবৈৰ বিবেকানন্দত হায়াৰ চেকেণ্ডেৰী পঢ়া ননীগোপাল মহন্তই কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত তেখেতে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অতি সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। দিল্লীৰ পৰা আহি ননীগোপাল মহন্তই প্ৰথমে কটন কলেজত ৰাজনীতি বিজ্ঞানত অধ্যাপনা আৰম্ভ কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে। তাৰ মাজতে তেখেতে বিশ্বৰ ভিতৰতে বিখ্যাত ইউনিভাৰ্ছিটি অৱ বাৰ্কলে, কেলিফৰ্নিয়াত ২০০২ চনৰ পৰা ২০০৪ চনলৈ আন্তৰাষ্ট্ৰীয় শান্তি বিষয়ত স্কলাৰ হিচাপে অধ্যয়ন কৰিবলৈ যায়। পাছত তেখেতে আন্তঃৰাষ্ট্ৰীয় বিবাদ আৰু শান্তি অধ্যয়ন বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ননীগোপাল মহন্তৰ বৰ্ণাঢ্য শৈক্ষিক জীৱনকালত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত বহু প্ৰৱন্ধ প্ৰকাশ পোৱাৰ লগতে চিকাগো, ইংলেণ্ডৰ বাৰ্মিংহাম, বেংকক ইত্যাদিৰ বিশ্ববিদ্যালয়লৈ গৈ বক্তৃতা প্ৰদান কৰিছে। নৰৱেৰ অচলোত আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানত আৰু দিল্লী বিশ্ববিদ্যালয়তো তেখেতে অতিথি অধ্যাপকৰ ৰূপত কাম কৰিছে। চেজ প্ৰকাশনে প্ৰকাশ কৰা তেখেতৰ বিখ্যাত গ্ৰন্থ Confronting the State অতি জনপ্ৰিয় হৈছিল। মহন্তৰ দ্বিতীয়খন গ্ৰন্থ আধুনিক অসমৰ ৰাজনৈতিক ইতিহাসত মুছলিম লীগৰ পৰা নাগৰিকত্ব আইনলৈ বৰ্ণিত হৈছে। গ্ৰন্থখনক অসমৰ ৰাজনৈতিক ইতিহাসৰ এক দলিল বুলি জনা যায়। তেখেতৰ নামত ৰাজনীতি বিজ্ঞান বিভাগত সৰ্বাধিক উদ্ধৃতিমূলক তথ্য আছে। শিক্ষাৰ্থী সমাজৰ বাবে তেখেতৰ গ্ৰন্থ বা প্ৰৱন্ধসমূহ শিক্ষাৰ একো একোটা গুৰুত্বপূৰ্ণ আহিলা। বহু শিক্ষাৰ্থীয়ে তেখেত অধীনত গৱেষণা কৰি ডক্টৰেট পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ড° ননীগোপাল মহন্তই অসমৰ বিভিন্ন বাতৰি কাকতত নিয়মিতভাৱে ৰাজনৈতিক প্ৰৱন্ধ লিখে। বিভিন্ন ৰাষ্ট্ৰীয় তথা আঞ্চলিক টি ভি চেনেলত নিয়মিতভাৱে অলোচনাত অংশ লয়। এজন সুবক্তা ৰূপে তেখেত জনপ্ৰিয়। স্কুলত পঢ়ি থকা দিনৰেই পৰা শ্ৰেষ্ট তাৰ্কিক হিচাপে তেখেতৰ সুনাম আছিল। কটন কলেজত পঢ়ি থকা সময়ত ৰাজ্যৰ বিভিন্ন প্ৰতিযোগিতাত অদ্বিতীয় বুলি পৰিচিত আছিল। কটন কলেজৰ তৰ্ক বিভাগৰ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল। আবৃতিকাৰ হিচাপেও তেখেত বিখ্যাত।সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাধাৰত বিশেষ দখল তথা গৱেষণা কৰা ড° ননীগোপাল মহন্ত এজন সুদক্ষ সত্ৰীয়া নৃত্যশিল্পী। মাজতে তেখেতে অসম চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব লৈ অসমৰ শিক্ষা ব্যৱস্থাত নীতি আৰু প্ৰয়োগৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ সৰ্বত্ৰে প্ৰশংসিত হৈছিল। ড° ননীগোপাল মহন্ত শিৱসাগৰ খাটপাৰ সত্ৰৰ প্ৰয়াত লীলা মহন্ত আৰু ড° নিৰুপমা মহন্তৰ চতুৰ্থ পুত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...