অভিনেত্ৰী ৰবীনা টেণ্ডনলৈ ডঃ ভূপেন হাজৰিকা বঁটা

পদ্মশ্ৰী সন্মানেৰে বিভূষিত ভাৰতৰ বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী ৰবীনা টেণ্ডনক বেলতলা ব’হাগী উৎসৱ সমিতিয়ে অলপতে সুধাকণ্ঠ ‘ডঃ ভূপেন হাজৰিকা’ বঁটাৰে সন্মানিত কৰে। মুম্বাইৰ বান্দ্ৰাৰ নিলয় এপার্টমেন্টত থকা অভিনেত্ৰীগৰাকীৰ আৱাসত বেলতলা ব’হাগী উৎসৱ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈ বলিউডৰ মোহময়ী অভিনেত্ৰীগৰাকীক সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা বঁটা’ প্ৰদান কৰাৰ লগতে গামোচা, ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি স্মাৰক, সম্বৰ্ধনা পত্র, আলোৱান, গঁড়ৰ মূৰ্তি এটাৰ লগতে শৰাই আৰু জাপিৰে সন্মানিত কৰে। বলিউডৰ অভিনেত্রী ৰবীনা টেণ্ডনে বেলতলা ব’হাগী সমিতিৰ বিষয়ববীয়াসকলৰ এই পদক্ষেপক ভূয়সী প্রশংসা কৰে। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা বেলতলা ব’হাগী উৎসৱ সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী, সাংস্কৃতিক সম্পাদক জয়ন্ত গগৈ, পৃষ্ঠপোষকদ্বয় ৰাতুল বৰুৱা, ৰাজেশ কেম্পায়ে অভিনেত্ৰী ৰবীনা টেণ্ডনৰ সৈতে অসমৰ কলা-সংস্কৃতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। অভিনেত্ৰীগৰাকীয়েও অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক জগতখনৰ বিষয়ে জানিব পাৰি অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অসম তথা বেলতলা ব’হাগী উৎসৱ সমিতিক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে অসমীয়া জাতিৰ হিয়াৰ আমঠু, ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ২০১২ চনৰ পৰা সাহিত্য আৰু সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলক ‘ডঃ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবেলিও অৰ্থাৎ ২০২৩ বৰ্ষৰ বাবে জনপ্রিয় অভিনেত্ৰী ৰবীনা টেণ্ডনক ‘ডঃ ভূপেন হাজৰিকা বঁটা’ৰ বাবে নিৰ্বাচিত কৰা হৈছিল। যোৱা ২২ এপ্ৰিলত বেলতলা ব’হাগী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ অভিনেত্ৰীগৰাকীক উক্ত বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও সেই সময়ত অভিনেত্ৰীগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ বাবে বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাছিল। ঘোষণা অনুসৰি বেলতলা ব’হাগী উৎসৱ সমিতিয়ে মুম্বাইৰ বান্দ্ৰাৰ এপার্টমেন্টত জনপ্রিয় অভিনেত্ৰী ৰবীনা টেণ্ডনক সাক্ষাৎ কৰি ডঃ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...