বিশিষ্ট নিউৰ’ল’জিষ্ট তথা পদ্মশ্ৰী বঁটাৰে বিভূষিত ডা০ অশোক পানাগাৰিয়াৰ দেহাৱসান


গুৱাহাটী, ১২ জুন, NKTV: শুকুৰবাৰে বিশিষ্ট নিউৰ’ল’জিষ্ট ডা০ অশোক পানাগাৰিয়াৰ দেহাৱসান। ডা০ অশোক পানাগাৰিয়াই ক’ভিডত আক্ৰান্ত হৈ পিছলৈ ক’ভিডমুক্ত হৈছিল। জানিব পৰা মতে কিছুদিন পূৰ্বে ক’ভিডৰ পৰৱৰ্তী সময়ত দেখা দিয়া জটিলতাৰ বাবে তেওঁক ভেণ্টিলেটৰত ৰাখিবলগীয়া হৈছিল। অৱশেষত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ডা০ অশোক পানাগাৰিয়াই শুকুৰবাৰে পুৱা মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। তেওঁৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে “বিশিষ্ট নিউৰ’ল’জিষ্ট” বাক্যশাৰী ব্যৱহাৰ কৰি তেওঁলৈ সম্বৰ্ধনা জ্ঞাপন কৰিলে। লগতে প্ৰধানমন্ত্ৰীয়ে টুইট কৰে যে, “মেডিকেল জগতত ডা০ অশোক পানাগাৰিয়াই কৰা কামৰ জৰিয়তে ডাক্তৰ তথা গৱেষকসকল বাৰুকৈ উপকৃত হ’ব”। শেষত”ওঁম শান্তি” লিখি মোডীয়ে ডা০ পানাগাৰিয়াৰ মৃত্যুত তেওঁৰ পৰিয়াল তথা বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও বিশিষ্ট নিউৰ’ল’জিষ্টজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে, দেশৰ প্ৰসিদ্ধ নিউৰ’ল’জিষ্ট ডা০ অশোক পানাগাৰিয়াৰ মৃত্যু তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বাবে ব্যক্তিগত ক্ষতি। ইয়াৰ সমান্তৰালভাৱে ৰাজস্থানৰ মুখ্যমন্ত্ৰীজনে কয় যে, “ক’ভিড মহামাৰীৰ সময়ত ৰাজ্যত ডা০ অশোক পানাগাৰিয়াই মেডিকেল বিশেষজ্ঞ হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...