BRICSক মৃত সংস্থা আখ্যা দিলে ড’নাল্ড ট্রাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ব্রিকছক মৃত সংস্থা বুলি আখ্যা দিলে। ট্রাম্পে অভিযোগ কৰে যে ব্রিকছে ‘বেয়া উদ্দেশ্য’ লৈ কাম কৰে। ব্ৰিকছৰ বিপক্ষে সৰৱ ভূমিকা গ্রহণ কৰি ট্রাম্পে দাবী কৰে যে তেওঁ ব্রিকছ দেশসমূহক সকীয়নি দি কৈছে যে তেওঁলোকে ডলাৰৰ সৈতে খেলিব বিচাৰিলে এশ শতাংশ শুল্ক আৰোপ কৰা হ’ব। স্মৰ্তব্য যে ব্ৰিকছত ভাৰতৰ বাহিৰেও ব্রাজিল, চীন, ইজিপ্ত, ৰাছিয়া, ইণ্ডোনেছিয়া, ইৰান, দক্ষিণ কোৰিয়া আৰু সংযুক্ত আৰব এমিৰেটছ জড়িত হৈ আছে। উক্ত দেশসমূহে ব্যৱসায়ত সুবিধা হোৱাকৈ এবিধ নতুন মুদ্রা ব্যৱস্থা সন্দর্ভত কাম কৰি আছে। এই ক্ষেত্ৰত ৰাছিয়া আৰু চীনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। শেহতীয়াকৈ ভাৰতেও কিছুমান দেশৰ সৈতে টকাৰ সহায়ত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। এনেদৰে ডলাৰ ত্যাগ কৰি বিকল্প মুদ্ৰাৰে বিভিন্ন দেশে ব্যৱসায় আৰম্ভ কৰিলে আমেৰিকাৰ ডলাৰৰ মূল্য হ্রাস পাব বুলি চিন্তিত হৈয়েই ট্রাম্পে এনে ভূমিকা লোৱা বুলি অনুমান কৰা হৈছে। বিষয়টো সন্দর্ভত ব্যাখ্যা দাঙি ধৰি অৰ্থনৈতিক বিশেষজ্ঞই কয় যে উক্ত দেশসমূহে ডলাৰৰ বিকল্প বিচাৰি উলিয়াব পাৰিলে আমেৰিকান ডলাৰৰ ওপৰত তাৰ পোনপোটীয়া প্ৰভাৱ পৰিব। মন কৰিবলগীয়া যে এতিয়ালৈ উক্ত দেশসমূহে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ বাবে আমেৰিকান ডলাৰ ব্যৱহাৰ কৰে। পিছে ৰাছিয়াৰ বিপক্ষে আমেৰিকাৰ কঠোৰ নিষেধাজ্ঞাই ব্রিকছ দেশসমূহক বিষয়টো নকৈ ভাবিলৈ বাধ্য কৰাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...