এইবাৰ চীন আৰু পাকিস্তানক নিৰীক্ষণ কৰিবলৈ ঘৰুৱাভাৱে নিৰ্মাণ কৰা হৈছে চোৰাংচোৱা বিমান iStar

‘ইন্টেলিজেন্স, ছাৰ্ভেইলেন্স, টাৰ্গেট একুৱিজিচন এণ্ড ৰিকনেছান্স’ (চমুকৈ, আইষ্টাৰ)। মূলতঃ শত্ৰুশিবিৰৰ গতিবিধিৰ ওপৰত গোপনে নজৰদাৰীৰ বাবে ব্যৱহৃত অত্যাধুনিক গুপ্তচৰ বিমান।

সংবাদ সংস্থা ANIৰ খবৰ অনুসৰি, ভাৰতীয় বায়ুসেনাৰ বাবে প্ৰাথমিকভাৱে ১০ হাজাৰ কোটি টকাৰ বিনিময়ত ৩খন আইষ্টাৰ ক্ৰয় কৰাৰ নীতিগত সিদ্ধান্ত লৈছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। এই মাহৰ ভিতৰতেই প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গঠিত ‘প্ৰতিৰক্ষা সৰঞ্জাম ক্ৰয় সংক্ৰান্ত সমিতি’য়ে ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পৰ অধীনত এই পদক্ষেপৰ বাবে আনুষ্ঠানিক অনুমোদন প্ৰদান কৰিব।

নতুন গুপ্তচৰ বিমানসমূহে ভাৰতীয় বায়ুসেনাৰ নজৰদাৰী ক্ষমতাক যথেষ্ট বৃদ্ধি কৰিব। এই বিমানসমূহে ‘এয়াৰ টু গ্ৰাউণ্ড ইন্টেলিজেন্স’ প্ৰদান কৰিব, যাৰ সহায়ত শত্ৰুপক্ষৰ ৰাডাৰ ষ্টেশ্যন, এয়াৰ ডিফেন্স ইউনিট আদিৰ ওপৰেৰে অধিক নিখুঁতভাৱে আক্ৰমণ চলাব পৰা যাব। ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থা (ডিফেণ্স ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন বা ডিআৰডিঅ’)-ৰ ‘চেণ্টাৰ ফৰ এয়াৰবৰ্ণ ছিষ্টেমচ’ৰ বিজ্ঞানীসকলে ইতিমধ্যে আইষ্টাৰৰ সফল পৰীক্ষাৰ কাম সমাপ্ত কৰিছে। বায়ুসেনাৰ হাতলৈ এই গুপ্তচৰ বিমান আহিলে ভৱিষ্যতে পাকিস্তানৰ ভূমিত অধিক সফল আক্ৰমণ চলোৱা সম্ভৱপৰ হৈ উঠিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...