অৱশেষত সম্পূৰ্ণৰূপে বন্ধ হ’ল কাছাৰৰ ডলু চাহ বাগিচা!

সম্পূৰ্ণৰূপে বন্ধ হ’ল কাছাৰৰ ডলু চাহ বাগিচা। বাগিচা বন্ধৰ কথা ঘোষণা কৰিলে বাগান কৰ্তৃপক্ষই। ডলু চাহবাগিচা বন্ধ কৰা হ’ল বুলি জাৰি কৰিলে জাননী। শ্ৰমিক কামত নোযোৱাৰ অজুহাত দেখুৱাই বাগিচা লক-আউট ঘোষণা। এক নিৰ্দেশনাযোগে বাগান কৰ্তৃপক্ষৰ এই সিদ্ধান্ত।
বাগান বন্ধৰ সময়ত শ্ৰমিক নাপাব কোনো সা-সুবিধা। এই ডলু বাগিচা গ্ৰীণ ফিল্ড বিমান বন্দৰৰ নামত চলিছিল উচ্ছেদ অভিযান। প্ৰায় ২৫০০ বিঘা ভূমিত উচ্ছেদ কৰা হৈছিল ৩০ লাখ চাহ গছ। শ্ৰমিকৰ অভিযোগ ষড়যন্ত্ৰৰে বন্ধ কৰা হ’ল বাগিচাখন। বাগিচা বন্ধৰ ঘোষণাৰ পিছতে চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। প্ৰশাসনে অঞ্চলটোত মোতায়েন কৰিছে আৰক্ষী, চিআৰপিএফ। কোনো কাৰণতে যাতে অপ্ৰতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সষ্টম প্ৰশাসন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...