ঘৃণাত নাক কোচ খাব আপোনাৰ, চিকেনৰ পৰিৱৰ্তে কুকুৰৰ মাংস ব্যৱহাৰ কৰা মম’ খুৱালে গ্ৰাহকক!

আপুনি বাৰু মম’ খাই ভাল পাই নেকি? যদি আপুনিও মম’ খাই ভাল পায়, তেন্তে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ এই খবৰ। এতিয়াৰে পৰা মম’ খোৱাৰ পূৰ্বে এশবাৰ ভাবক আপুনি। কিয়নো আপোনাকো চিকেনৰ পৰিৱৰ্তে কুকুৰৰ মাংস ব্যৱহাৰ কৰা মম’ খোৱাব পাৰে অসাধু ব্যৱসায়ীয়ে। আচৰিত যেন লাগিলেও এইখন দেশতে ঘটিছে এনে এক ঘটনা।

ঘটনা পঞ্জাৱৰ। খাদ্যৰ মান তথা পৰিষ্কাৰ-পৰিছন্নতা সন্দৰ্ভত পৌৰসভাই চলাইছিল অভিযান । সেই অভিযানত পঞ্জাবৰ মম’ প্ৰস্তুত কৰা এটা উদ্যোগৰ পৰা উদ্ধাৰ কৰা হৈছে কুকুৰৰ মূৰ। উদ্যোগটোৰ ফ্ৰীজ খোলাৰ পিছতে আচৰিত হয় অভিযানকাৰী দল। মোহালিৰ মাট্টুৰ গাঁৱত সংঘটিত এই ঘটনাই এতিয়া চকু কপালত তুলিছে সকলোৰে।

উল্লেখ্য যে স্থানীয় একাংশ লোকে দাখিল কৰিছিল অভিযোগ। তাৰ পাছতেই উদ্যোগটোত চলিছিল অভিযান। কিন্তু উদ্যোগটোত কুকৰৰ মূৰ উদ্ধাৰৰ পিছতেই হতভম্ব হয় সকলো। ম’ম’ত চিকেনৰ নামত যে তাত কুকুৰৰ মাংস ব্যৱহাৰ কৰা হৈছিল সেয়া জনা নাছিল কোনেও । মূলতঃ পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই দিয়া হৈছিল অভিযোগ । অপৰিষ্কাৰ পানী, আৰু পচা পাচলিৰ ভিডিঅ’ পোষ্ট কৰিছিল লোকসকলে।

আনফালে প্ৰতিষ্ঠানটোৰ কৰ্মীসকলে দাবী কৰা অনুসৰি সেই মাংস ম’ম’ত ব্যৱহাৰ কৰা নহয়। উদ্যোগটোত কৰ্মৰত বহুকেইজন নেপালী লোকেহে কুকুৰ মাংস ভক্ষণ কৰে। একাংশৰ দাবী চিকেনৰ পৰিৱৰ্তে কুকুৰৰ মাংস ব্যৱহাৰ কৰা হয় মম’ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...