ৰাজধানী দিল্লীৰ পথৰ পৰা কুকুৰ আঁতৰাব লাগিব! নিৰ্দিষ্ট আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

দিল্লীৰ পথত এতিয়াৰে পৰা কুকুৰ দেখা নাযাব। দিল্লীৰ পৰা কুকুৰবোৰক আঁতৰাই আশ্ৰয়কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। দিল্লী চৰকাৰ, দিল্লী পৌৰসভা আৰু নতুন দিল্লী পৌৰসভাক এই কাম আৰম্ভ কৰিবলৈ শীৰ্ষ আদালতৰ বিচাৰপতি জে বি পাৰদিওৱালা আৰু বিচাৰপতি আৰ মহাদেৱনৰ বেঞ্চে নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ে জনাইছে যে, ৰাজধানী দিল্লীৰ সকলো বসতিপ্ৰধান অঞ্চলৰ পথ কুকুৰমুক্ত কৰিব লাগিব। এই কামত কোনো ধৰণৰ আপোচ কৰা নচলিব। যদি কোনো সংগঠনে এই কামত বাধা দিয়াৰ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশো আদালতে দিছে।

সম্প্ৰতি দিল্লীত পথৰ কুকুৰৰ কামোৰৰ ফলত জলাতঙ্কত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে স্বতঃপ্ৰণোদিতভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে দুজন বিচাৰপতিৰ বেঞ্চে জনাইছে, “ৰাজধানী নতুন দিল্লী, দিল্লী পৌৰসভা আৰু নতুন দিল্লী পৌৰসভাৰ প্ৰশাসনে তৎক্ষণাত সকলো অঞ্চল, বিশেষকৈ স্পৰ্শকাতৰ অঞ্চলৰ পৰা পথৰ কুকুৰবোৰ আঁতৰোৱাৰ কাম আৰম্ভ কৰিব লাগিব। এই কাম কেনেকৈ কৰা হ’ব, সেয়া কৰ্তৃপক্ষই স্থিৰ কৰিব। যদি এটা দল গঠনৰ প্ৰয়োজন হয়, তেন্তে সেইটো আগতীয়াকৈ গঠন কৰিব লাগিব। প্ৰশাসনৰ প্ৰথম আৰু মুখ্য লক্ষ্য হ’ব লাগিব সকলো অঞ্চলৰ পৰা পথৰ কুকুৰ আঁতৰোৱা। এই পদক্ষেপত কোনো আপোচ কৰা নচলিব।”

লগতে, উচ্চতম ন্যায়ালয়ে এইটোও স্পষ্ট কৰিছে যে, যদি কোনো ব্যক্তি বা সংগঠনে পথৰ কুকুৰ আঁতৰোৱাৰ কামত বাধা দিয়াৰ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পথৰ কুকুৰবোৰৰ বাবে পৰ্যাপ্ত আশ্ৰয়স্থলৰ ব্যৱস্থা কৰিবলৈ দিল্লী চৰকাৰ আৰু পৌৰ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। এই আশ্ৰয় কেন্দ্ৰবোৰত চিচিটিভি কেমেৰাৰ ব্যৱস্থাও কৰিবলৈ কোৱা হৈছে। লগতে, পথৰ কুকুৰবোৰৰ নিৰ্বীজকৰণ আৰু টিকাকৰণৰ বাবে পৰ্যাপ্ত কৰ্মীৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। আদালতে ৮ সপ্তাহৰ ভিতৰত পথৰ কুকুৰৰ বাবে আশ্ৰয়স্থলৰ লগতে সকলো পৰিকাঠামো তৈয়াৰ কৰি আদালতত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

আদালতে জনাইছে যে, এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ বক্তব্য লোৱা হ’ব। কিন্তু পশুপ্ৰেমী বা অন্য কোনো পক্ষৰ এই বিষয়ত গোচৰ আৰু শুনা নহ’ব। শুনানিৰ সময়ত পশুপ্ৰেমী সংগঠনবোৰৰ ভূমিকাৰো সমালোচনা কৰি আদালতে কৈছে, “জলাতঙ্কৰ ফলত যিসকলৰ মৃত্যু হৈছে, তেওঁলোকক পশুপ্ৰেমীসকলে ঘূৰাই আনিব পাৰিবনে?”

বিচাৰপতি পাৰদিওৱালাৰ পৰ্যবেক্ষণত কোৱা হৈছে, “আমি এই কাম নিজৰ বাবে কৰা নাই। এয়া জনস্বাৰ্থৰ বিষয়। গতিকে, এই ক্ষেত্ৰত কোনো ধৰণৰ আৱেগ জড়িত থকা উচিত নহয়। যিমান সোনকালে সম্ভৱ, পদক্ষেপ গ্ৰহণ কৰা উচিত।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...