পাপৰ খাই ভাল পাই নেকি আপুনি?

আপুনি খোৱা পাপৰ-মিঠাই কেনেকৈ প্ৰস্তুত কৰা হয়? আপুনি খোৱা পাপৰ স্বাস্থ্যসন্মত নে? মহানগৰীৰ গড়চূকত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান। সেই অভিযানত যি পোহৰলৈ আহিল আপোনাৰ ঘিণ লাগি যাব।

বজাৰত উপলব্ধ নাই বিজ্ঞাপনত দেখা পাপৰ, মিঠাই মানে স্বাস্থ্যসন্মত নহয়। শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিয়পিল এটা ভিডিঅ’। ভিডিঅটোত এইদৰে ভৰিৰে মোহাৰি একাংশ লোকে প্ৰস্তুত কৰিছে মিঠাই। এই দৃশ্য দেখি চকু কপালত উঠিছিল একাংশ লোকৰ। খাদ্য প্ৰস্তুতৰ এয়া কেনে পদ্ধতি। তাৰ পাছতেই মহানগৰীৰ কটাহবাৰীত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান। অভিযানত পোৱা গল এয়া। কদৰ্যময় পৰিৱেশত প্ৰস্তুত কৰা হৈছে পাপৰ। শৌচাগাৰৰ কাষতেই পেলাই ৰখা হৈছে নিমখৰ বস্তা। সেই নিমখেৰেও পাপৰ প্ৰস্তুত কৰা হৈছে।

গড়চুকৰ কটাহবাৰীত থকা চইয়ম ফুড প্ৰডাক্টচত চলিল অভিযান। সঞ্জয় চাজ্জেৰ নামৰ লোকজনৰ চইয়ম ফুড প্ৰডাক্টচ নামৰ প্ৰতিষ্ঠানটোত দীৰ্ঘদিন ধৰি এনেদৰেই প্ৰস্তুত হৈ আহিছে আপুনি-মই খোৱা পাপৰ।

প্ৰতিষ্ঠানটোত সামান্য পৰিমাণেও নাই চাফ-চিকুণতা
সেয়ে অভিযান চলাই গুৱাহাটী পৌৰ নিগমে ছীল কৰি প্ৰতিষ্ঠানটো। লগতে জব্দ কৰিলে বিভিন্ন সা-সামগ্রী কিন্তু কেনেকৈ দীৰ্ঘদিনে চলি আছিল এই কাণ্ড। চতুৰালি প্ৰতিষ্ঠানটোৰ মালিকৰ। বাহিৰত লগাই থয় তলা। ভিতৰত চলি থাকে পাপৰ প্ৰস্তুতৰ কাম। অভিযানৰ সময়ত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰহে দাবী-ধমক, দুৰ্ব্যৱহাৰ। এনেদৰেই মহানগৰীত চলি আছে একাংশ খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠান। কিন্তু কেনেকৈ চলে। সেয়াহে এটা ডাঙৰ প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...