মহালয়াৰ দিনা পুৱাই কৰক এইকেইটা কাম। আপোনাৰো সৌভাগ্য উদয় হ’ব!

জনবিশ্বাস অনুসৰি মহালয়াৰ দিনা ৰাতিপুৱা ধৰাৰ বুকুলৈ নামি আহে মা দূৰ্গা। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰিলে লাভ কৰা যায় মা দূৰ্গাৰ বিশেষ আৰ্শীবাদ। মাৰ আৰ্শীবাদ পাবৰ বাবেই বহুলোকে ৰাতিতে উঠি প্ৰাতঃভ্ৰমণ কৰে।

আজি আমি আপোনাক এনে এটা কামৰ বিষয়ে জনাম যিটো কাম আপুনি মহালয়াৰ দিনা পুৱাই কৰিলে বিশেষ উপকাৰ লাভ কৰিব। কামটো কৰিলে আপোনাৰো দুখ-কষ্ট নাইকিয়া হৈ যাব। আপোনাৰ ঘৰখনলৈ শান্তি আহিব আৰু আপোনাৰ ঘৰলৈ লক্ষ্মী মাৰ আগমন ঘটিব। অৰ্থাৎ এই কাম কৰাৰ ফলত আপোনাৰো সৌভাগ্য উদয় হ’ব! তেন্তে জানো আহকচোন এই কাম আপুনি কেনেকৈ কৰিব।

এই কাম কৰিবলৈ আপোনাক তুলসীৰ প্ৰয়োজন হ’ব। হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মাহাত্ম্য আছে। এই গছক অতি পৱিত্ৰ গছ বুলি গণ্য কৰা হয়। মহালয়াৰ দিনা পুৱাই সোনকালে শুই উঠিব আৰু তাৰ পাছত স্নান কৰি বগা বস্ত্ৰ পৰিধান কৰিব। বগা বস্ত্ৰ পৰিধান কৰি তুলসীৰ তলত পানী ঢালিব আৰু এটা মন্ত্ৰ তিনিবাৰ পাঠ কৰিব। এই মন্ত্ৰটি হ’ল ” ঔম শুভদ্ৰায় নম:”। ইয়াৰ পাছতে তুলসীৰ দুটা পাত চিঙি আনি ভগৱান বিষ্ণুৰ ওচৰত ৰাখি থব। সন্ধ্যাৰ সময়ত গোঁসাই ঘৰত আৰু তুলসীৰ তলত এগছ চাঁকি জ্বলাব ইয়াৰ পাছত পূজা-প্ৰাৰ্থনা কৰিব। পূজা-প্ৰাৰ্থনা কৰাৰ পাছতে তুলসীৰ তলত এই মন্ত্ৰটি ১১বাৰ জপ কৰিব “ঔম নমো ভগৱতী বাসুদেৱায়”। তাৰ পাছত ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ তুলসী পাত দুটা লৈ এই মন্ত্ৰটিও ১১বাৰ জপ কৰিব “ঔম শ্ৰী শ্ৰীয়ে নম:”। এনে কৰাৰ পাছত তুলসী পাত দুটি তাৰ পৰা তুলি আনি গাৰুৰ তলত ৰাখি শুব আৰু পাছদিনাই সেই পাত দুটি কোনো নদীত বা বোৱতী জলধাৰাত উটুৱাই দিব। এনে কৰিলে আপোনাৰ ঘৰৰ দুখ- দুৰ্গতি দূৰ হ’ব আৰু ঘৰলৈ মা লক্ষ্মীৰ আগমন ঘটিব।

বি:দ্ৰ: এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...