নাবালিকা নিৰ্যাতনৰ গোচৰত অভিযুক্ত পাৰ্ল ভি পুৰীয়ে পালে জামিন

গুৱাহাটী, ১৬ জুন, NKTV: ধাৰাবাহিকৰ ছুটিংস্থলীত এগৰাকী নাবালিকাক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হৈছিল জনপ্ৰিয় ধাৰাবাহিক ‘নাগিন’ৰ জনপ্ৰিয় অভিনেতা পাৰ্ল ভি পুৰীক। পাৰ্ল ভি পুৰীৰ নাম এই অভিযোগৰ সৈতে সাঙুৰ খোৱাৰ পিছতে অভিনেতাজনৰ সমৰ্থনত অজস্ৰ অনুৰাগীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। অনুৰাগী সকলৰ মাজত আছিল পাৰ্ল ভি পুৰীৰ লগত কাম কৰা অভিনেতা-অভিনেত্ৰী সকলো। তেওঁলোকে বিশ্বাস কৰিছিল যে পাৰ্ল ভি পুৰীয়ে কেতিয়াও এনে কাম কৰিব নোৱাৰে। তেওঁক সমৰ্থন কৰা লোক সকলৰ ভিতৰত অন্যতম আছিল একেধাৰে অভিনেত্ৰী তথা পৰিচালক-প্ৰযোজক দিব্যা খোচলা কুমাৰ।

দিব্যাই তেওঁৰ বন্ধু তথা কো-ষ্টাৰ পাৰ্ল ভি পুৰীৰ সমৰ্থনত থিয় দিয়া পৰিলক্ষিত হৈছিল। পাৰ্ল ভি পুৰীৰ বিৰুদ্ধে কৰা এনে অভিযোগৰ বিৰোধিতা কৰি দিব্যাই কৈছিল যে, “যদি সঁচাকৈ পাৰ্ল ভি পুৰীয়ে এনে কাণ্ড সংঘটিত কৰিছিল, তেন্তে উত্থাপিত অভিযোগ মতে ২ বছৰ পূৰ্বেই সংঘটিত হোৱা এই ঘটনাৰ বাবে কিয় অভিনেতাজনৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু কৰা হোৱা নাছিল?”। পাৰ্ল ভি পুৰীক সমৰ্থন জনাবলৈ দিব্যাই সকলো ধৰণৰ পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল। দিব্যাই লগতে কৈছিল যে, পাৰ্ল ভি পুৰীৰ কেৰিয়াৰ বিনষ্ট কৰা বাবেহে কোনোৱে এনে কাৰ্য সংঘটিত কৰিছিল কিয়নো অলপতে পাৰ্ল ভি পুৰীয়ে এখন ডাঙৰ ছবিৰ বাবে চুক্তিবদ্ধ হোৱাৰ কথা। ইয়াৰ পিছতেই আজি পাৰ্ল ভি পুৰীয়ে জামিন লাভ কৰাৰ কিছু সময় পিছতেই দিব্যা খোচলা কুমাৰে নিজৰ ইনষ্টাগ্ৰামত অভিনেতাজনৰ ফেনসকলক অভিনন্দন জ্ঞাপন কৰি লিখিলে যে,”অভিনন্দন ফেন ক্লাৱলৈ এই অশেষ সমৰ্থনৰ বাবে, আমাৰ ন্যায়পালিকাৰ ওপৰত দৃঢ় বিশ্বাস আছে আটাইবোৰ সত্য অতি সোনকালে পোহৰলৈ আহিব, সত্যমেৱ জয়তে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...