২৪ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰত ভূমি সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰিব জিলা আয়ুক্তই

দিছপুৰ ৰাজহ চক্ৰত ৩৮খন আবেদন জিলা আয়ুক্তক দিলে ৰাইজে

ৰাইজৰ ভূমি সম্পৰ্কীয় আবেদন আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসাৰ বাবে তৎপৰ হোৱা কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে পৰৱৰ্তী দেওবাৰ অৰ্থাৎ ২৪ ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰৰ ৰাইজৰ অভিযোগ গ্ৰহণ কৰিব৷ সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা জিলা আয়ুক্তগৰাকী উলুবাৰীত থকা গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকিব৷ ৰাজহ চক্ৰটোৰ এলেকাধীন ৰাইজে ভূমি সম্পৰ্কীয় ওজৰ-আপত্তি আৰু অভিযোগৰ মীমাংসাৰ বাবে জিলা আয়ুক্তগৰাকীক পোনপতীয়াকৈ আবেদন জনাব পাৰিব৷ উল্লেখযোগ্য যে, জিলা আয়ুক্ত সুমিত ছাত্তাৱান ৰাইজৰ ভূমি সম্পৰ্কীয় অভিযোগ শুনাৰ বাবে কালি দিছপুৰ ৰাজহ চক্ৰৰ কাৰ্যলয়ত উপস্থিত আছিল৷ তেওঁ মুঠ ৩৮খন ভূমি সম্পৰ্কীয় বিষয়ৰ মীমাংসাৰ আবেদন ৰাইজৰ পৰা লাভ কৰে৷ আবেদনৰ বিষয়সমূহ বিধি অনুসৰি খৰতকীয়াকৈ নিষ্পত্তিৰ বাবে জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক দিকদৰ্শন আৰু নিৰ্দেশ দিয়ে৷ জিলা আয়ুক্ত গৰাকীয়ে অহা দেওবাৰে গুৱাহাটী ৰাজহ চক্ৰত আৰু পৰৱৰ্তী একোটা দেওবাৰে আজাৰা, সোনাপুৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰত উপস্থিত থাকি ৰাইজৰ অভিযোগ পোনপতীয়াকৈ গ্ৰহণ কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...