ডায়েট বিষয়া সন্থাৰ ডিব্ৰুগড় জিলা গোটৰ বৈঠকত কি কি সিদ্ধান্ত?

সদৌ অসম ডায়েট বিষয়া সন্থাৰ ডিব্ৰুগড় জিলা গোটৰ প্ৰথম বাৰ্ষিক সাধাৰণ অধিৱেশনখনি ১৯ জুলাই তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়| ডায়েট, ডিব্ৰুগড়ৰ মহিলা প্ৰবক্তাসকলৰ দ্বাৰা পৰিৱেশিত এটি কোৰাছৰ দ্বাৰা আৰম্ভণি হোৱা সভাখন পৰিচালনা কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই| সভাত ডায়েট, ডিব্ৰুগড় পৰিয়ালৰ তিনিজন অভিভাৱকৰ সন্তানক শিক্ষান্ত পৰীক্ষাত প্ৰদৰ্শন কৰা উন্নত ফলাফলৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়|

তদুপৰি শেহতীয়াকৈ ডায়েট, ডিব্ৰুগড়ত কৰ্মৰত দুগৰাকী প্ৰবক্তা ক্ৰমে নিপামণি টায়ে আৰু মৃদুস্মিতা ফুকনে লাভ কৰা ডক্টৰেট ডিগ্ৰী তথা প্ৰবক্তা পদলৈ পদোন্নতি লাভ কৰা সৰল কুমাৰ দাসকো উপহাৰৰ টোপোলাৰে শুভেচ্ছা জ্ঞাপন কৰা হয়| পৰৱৰ্তী কাৰ্যসূচীত বিগত বৰ্ষৰ জিলা গোটৰ সাধাৰণ সম্পাদক প্ৰবক্তা ৰঞ্জন বৰাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ লগতে কোষাধ্যক্ষ প্ৰবক্তা পল্লৱী কলিতাই হিচাপ দাখিল কৰে| প্ৰতিবেদন পাঠ আৰু হিচাপ দাখিলৰ পাছতে পূৰ্বৰ জিলা গোটৰ সদস্যসকলে পদত্যাগ কৰি নতুন কমিটিক দায়িত্বভাৰ অৰ্পণ কৰে|

২০২৩-২৪ বৰ্ষৰ বাবে সদৌ অসম ডায়েট বিষয়া সন্থাৰ ডিব্ৰুগড় জিলা গোটৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰূপে ক্ৰমে জ্যেষ্ঠ প্ৰবক্তা দেৱজিত্‍ কুমাৰ বৰদলৈ আৰু ডঃ নিপামণি টায়ে সৰ্বসন্মতিক্ৰমে দায়িত্বভাৰ গ্ৰহণ কৰে| সভাই কোষাধ্যক্ষ হিচাপে প্ৰবক্তা পল্লৱী কলিতাকে বাহাল ৰাখে| ৰাজ্যিক কাৰ্যবাহীৰ প্ৰতিনিধি হিচাপে প্ৰবক্তা স্বৰাজ ফুকনক বাছনি কৰা হয়| নতুন কমিটিয়ে দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানৰ পাছতে পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে সভাই বিস্তৃতভাৱে আলোচনা কৰে| সভাৰ শেষত প্ৰবক্তাসকলৰ দ্বাৰা গীত, কবিতা পৰিৱেশন তথা এটি প্ৰীতি ভোজেৰে অনুষ্ঠানটি সামৰণি ঘটে|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...