৫ লাখ টকা নোপোৱাৰ বাবেই স্বামী পৱনে সংঘটিত কৰিলে নেকি এই ঘটনা?

ডিমৌৰ মেধাৱী পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এগৰাকী ন-বিবাহিতাৰ ৰহস্যজনক মৃত্যু হ’ল ৰাজ্যত। ঢকুৱাখনাৰ দেৱলীনা সোণোৱাল নামৰ ন-বোৱাৰীগৰাকীৰ স্বামী গৃহতে মৃতদেহ উদ্ধাৰ হ’ল। পিতৃ-মাতৃয়ে গৈ দেখিলে দেৱলীনাৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে। তাৰ পাছতেই উত্তাল ঢকুৱাখনা। দেৱলীনাৰ স্বামী পৱন বৰুৱাৰ ঘৰ ঘেৰাও কৰি হত্যাকাৰীক ফাঁচীৰ দাবী তুলিলে শতাধিক মহিলাই। পংখী সন্দিকৈৰ কৰুণ মৃত্যুৰ পাছত এইবাৰ দেৱলীনা সোণোৱাল। বিয়াৰ দুমাহৰ পাছতেই ৰহস্যজনক অৱস্থাত উদ্ধাৰ দেৱলীনাৰ মৃতদেহ। ৫ লাখ টকা নোপোৱাৰ বাবেই স্বামী পৱনে সংঘটিত কৰিলে নেকি এই ঘটনা? তীব্ৰ উত্তেজনা ঢকুৱাখনাত।

ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত প্ৰতিবাদ মহিলাৰ। শতাধিক পুৰুষ-মহিলা ওলাই আহিছে। প্ৰতিবাদ কৰিছে। বিচাৰিছে ন্যায়। ক্ষোভ পৱন বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে। অভিযোগ, পৱনে হত্যা কৰিলে পত্নী দেৱলীনা সোণোৱালক। ঢকুৱখনাৰ কেঁকুৰী কছাৰী গাঁৱৰ প্ৰদীপ সোনোৱালৰ ঘৰখনত কেৱল কান্দোনৰ ৰোল। কোনেও কাৰো মুখলৈ চাব নোৱৰা পৰিৱেশ। মুখৰ মাত নোহোৱা হল মাতৃৰ। জীয়ৰীক হেৰুওৱাৰ বেদনাই একপ্ৰকাৰ শেষ কৰি পেলাইছে পিতৃক। দুমাহ পূৰ্বে নাৰায়ণপুৰ চাপৰিৰ পৱন বৰুৱাৰে বিয়াত বহিছিল দেৱলীনা সোণোৱাল। কেঁকুৰী কছাৰী গাঁৱৰ দেৱলীনা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল।

পৱনৰ সৈতে পলাই যোৱাৰ পাছত দুয়োৰে মাজত সম্পন্ন হৈছিল সামাজিক বিবাহ। বিয়াৰ ১০ দিনৰ পাছতেই দেৱলীনাক মাৰপিট আৰম্ভ কৰিছিল স্বামীয়ে। তাৰ পাছত বিভিন্ন সময়ত বিভিন্ন কথাক লৈ কাজিয়া দেৱলীনা আৰু পৱনৰ মাজত। লাহেলাহে কিবাকিবি দাবী কৰিবলৈ আৰম্ভ কৰিলে পৱন বৰুৱাই। দেৱলীনাৰ মাতৃক ফোন কৰি বিচাৰিলে এডাল সোণৰ চেইন। দৰিদ্ৰ পৰিয়ালটোৱে দেৱলীনাক দিওঁ বুলিয়েই সোণৰ চেইন দিব পৰা নাছিল। সেই কথাতে খৰ্গহস্ত হৈছিল পৱন। শেহতীয়াকৈ পৱনে পুনৰ ফোন কৰিলে দেৱলীনাৰ মাতৃলৈ। পৱনে দাবী কৰিলে ৫ লাখ টকা। প্ৰথম অৱস্থাত স্পষ্টকৈ কৈছিল দেৱলীনাৰ পিতৃয়ে। ৫ লাখ টকা যদি লাগে মোৰ ছোৱালী মই ঘৰলৈ লৈ আনিম। কিন্তু সংসাৰ ভঙাৰ ভয়ত, সকলো ঠিক কৰাৰ আশাত তেতিয়া তেনেকৈয়ে থাকি গল দেৱলীনা। সোমবাৰে ঘটিল এটা ৰহস্যজনক ঘটনা।

নাৰায়ণপুৰ চাপৰিৰ পৰা ফোন আহিল দেৱলীনাৰ ঘৰলৈ। দেৱলীনাই আত্মহত্যা কৰিলে। সেই খবৰ শুনিয়েই হাহাকাৰ লাগিল ঘৰখনত। লগেলগে পিতৃ-মাতৃ, পৰিয়ালৰ সদস্য ৰাওনা হল নাৰায়ণপুৰ চাপৰিলৈ। ঘৰত গৈ দেখে পৱন নাই। কেইগৰাকীমান মহিলা ৰৈ আছে বাহিৰত। ঘৰৰ ভিতৰত পৰি আছিল দেৱলীনাৰ মৃতদেহ। দেৱলীনাৰ শৰীৰত আছিল আঘাতৰ চিন। পৰিয়ালৰ দাবী দেৱলীনাক পৱনে হত্যা কৰিলে।

এই ঘটনাৰ পাছতেই কান্দোনৰ ৰোল ঘৰখনত। পৱন বৰুৱাক কঠোৰ শাস্তিৰ দাবী তুলিলে সকলোৱে। হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ। কেঁকুৰী কছাৰী গাঁৱত প্ৰতিবাদৰ পাছত ৰাইজে ঘেৰাও কৰিলে দেৱলীনাৰ স্বামী পৱন বৰুৱাৰ ঘৰ। সকলোৰে দাবী, এয়া হত্যাকাণ্ড। পৱনক ফাঁচী দিব লাগে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৱন বৰুৱাক। কিন্তু গ্ৰেপ্তাৰ কৰিলেই নহব। কঠোৰ শাস্তি দিব লাগিব, দাবী সকলোৰে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে, চাঞ্চল্যৰ সৃষ্টি কৰিছে ঢকুৱাখনাত। শিৱগাৰৰ মেধাৱী পংখী সন্দিকৈৰ মৃত্যুক লৈ উত্তাল হৈছিল ডিমৌ চাৰিআলিত। পংখীকো স্বামী নীতিকেশ দাসে হত্যা কৰাৰ অভিযোগ উঠিছিল। এইবাৰ ঢকুৱাখনা। এইবাৰ দেৱলীনা। আৰু কিমান? বুধবাৰৰ দিনটোতেই গোগামুখতো এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু ঘটিল। শকুন্তলা বৰা চুতীয়া নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ বাঁহত চি লৈ থকা অৱস্থাত উদ্ধাৰ হল। দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ বাবে মহিলাগৰাকীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ। কিয় বাৰেবাৰে ঘটিছে এনে ঘটনা। ইঠাইৰ পাছত সিঠাইত প্ৰাণ গৈছে বোৱাৰী। উদ্বিগ্ন ৰাজ্যবাসী।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...