ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰে। ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০২৫ চনত গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত ভৰি দিব। মনকৰিবলগীয়া যে বিশ্ববিদ্যালয়খনে ষাঠী বছৰত ভৰি দিয়াৰ প্ৰাক-ক্ষনত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় চমুকৈ মেৰুৰ (MERU) মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়।

এই সাক্ষাতত উপাচাৰ্যগৰাকীয়ে এই সাফল্যৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰে আৰু প্ৰতিষ্ঠাৰ দিনধৰি দেশৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা বলিষ্ঠ অৱদানৰ এক খতিয়ান দাঙি ধৰে। লগতে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি গৰাকীৰ পৰা দিহা-পৰামৰ্শ বিচাৰে। উল্লেখ্য যে অহা ফ্ৰেব্ৰুৱাৰী মাহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। উপাচাৰ্যগৰাকীয়ে এই অনুষ্ঠানলৈও ৰাষ্ট্ৰপতিগৰাকীক নিমন্ত্ৰণ জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...