ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰে। ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০২৫ চনত গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত ভৰি দিব। মনকৰিবলগীয়া যে বিশ্ববিদ্যালয়খনে ষাঠী বছৰত ভৰি দিয়াৰ প্ৰাক-ক্ষনত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় চমুকৈ মেৰুৰ (MERU) মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়।

এই সাক্ষাতত উপাচাৰ্যগৰাকীয়ে এই সাফল্যৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰে আৰু প্ৰতিষ্ঠাৰ দিনধৰি দেশৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা বলিষ্ঠ অৱদানৰ এক খতিয়ান দাঙি ধৰে। লগতে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি গৰাকীৰ পৰা দিহা-পৰামৰ্শ বিচাৰে। উল্লেখ্য যে অহা ফ্ৰেব্ৰুৱাৰী মাহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। উপাচাৰ্যগৰাকীয়ে এই অনুষ্ঠানলৈও ৰাষ্ট্ৰপতিগৰাকীক নিমন্ত্ৰণ জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...