দেৱীপ্রসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২

অসম সাহিত্য সভাই প্রতি দুবছৰৰ মূৰে মূৰে পাঠশালা তথা বৃহত্তৰ বজালী অঞ্চলৰ সমাজ-সংস্কৃতিৰ লগত ওতপ্ৰোতঃভাৱে জড়িত বিশিষ্ট সমাজসেৱী, মানৱতাবাদী, পৰোপকাৰী ব্যক্তি প্রয়াত বাসুদেৱ জালানৰ সোঁৱৰণত ‘বাসুদেৱ জালান সোঁৱৰণি বঁটা’ প্রদান কৰি আহিছে। এইবাৰ ‘বাসুদেৱ জালান সোঁৱৰণি বঁটা- ২০২২, ডিব্ৰুগড়ৰ বিশিষ্ট লেখক, অনুবাদক, সমাজসেৱী দেৱীপ্রসাদ বাগড়োদিয়াক প্ৰদান কৰা হ’ব। দেৱীপ্রসাদ বাগড়োদিয়া ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ ৰচিত ধৰ্মীয় গ্রন্থ ‘গুণমালা’, বৰগীত’ আৰু শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ধৰ্মীয় গ্রন্থ ‘নামঘোষা’ৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গ্ৰন্থ সহ ভালেসংখ্যক অসমীয়া গ্রন্থ হিন্দী ভাষালৈ অনুবাদ কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে অসমৰ সমাজ জীৱনলৈ বিশেষ অৰিহণা আগবঢ়াই আহিছে।

৭ মে’ তাৰিখে দিনৰ ১১-০০ বজাত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সভাৰ মাননীয় সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাদেৱৰ পৌৰোহিত্যত অনুষ্ঠিতব্য এই গাম্ভীর্যপূর্ণ বঁটা প্রদানঅনুষ্ঠানত তেখেতক এই বঁটাটি প্ৰদান কৰা হ’ব বুলি প্ৰধান সম্পাদক ড° উপেন্দ্রজিৎ শর্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...