সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তেজপুৰত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ আয়োজন

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস, ২০২৪ উদযাপনৰ লগতে শিল্পী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশোক সিংহল, তেজপুৰৰ সাংসদ পল্লব লোচন দাস, বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে বঁটাপ্ৰাপকসকল উপস্থিত থাকে। অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা প্রকাশিত ‘কফি টেবুল বুক’ Cultural Mosaic of Assam উন্মোচন কৰা হয়। নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ড° স্বাধীনতা মহন্তই (অৱসৰপ্ৰাপ্ত অধ্যাপিকা, দৰং কলেজ)। অনুষ্ঠানত শিল্পী পেঞ্চন আৰু বার্ষিক শিল্পী সন্মানৰ লগতে ২০২৪ বৰ্ষৰ শিল্পী বঁটা, ২০২৩ বৰ্ষৰ ছ্যু-কা-ফা বঁটা, ২০২৩ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা, ২০২৩ বৰ্ষৰ লোকপ্রিয় গোপীনাথ ৰাষ্ট্রীয় সংহতি বঁটা, ২০২৩ বৰ্ষৰ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা, ২০২৩ বৰ্ষৰ নটসূর্য ফণী শর্মা বঁটা, ২০২৩ বৰ্ষৰ শিল্পী সৈনিক ব্রজনাথ শর্মা বঁটা আৰু ২০২৩ বৰ্ষৰ সতী বাধিকা বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...