সংক্ষেপতে আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৪-৮-২০২১ ইং তাৰিখে অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

▶️ আজিৰ কেবিনেটে গোৰ্খা সম্প্ৰদায়ৰ বিৰুদ্ধে বিদেশী সংক্ৰান্তীয় কোনো নতুন গোচৰ নচলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিদেশী ন্যায়াধীকৰণ আদালতত নিষ্পত্তিবিহীনভাৱে থকা সকলো গোচৰ উঠাই ল’বলৈও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

▶️ আজিৰ কেবিনেট বৈঠকত প্ৰাক্তন সাংসদ ৰমেন ডেকাক ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগ (SITA)ৰ সহ উপাধ্যক্ষ পদত নিযুক্তিৰ লগতে আৰু তেওঁক কেবিনেট মৰ্যাদা প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

▶️ আজিৰ কেবিনেটে খিলঞ্জীয়া ভূমিহীন ব্যক্তিক ভূমি আৱণ্টন দিয়াৰ দিনাই ম্যাদী পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই ভূমি লাভ কৰাৰ পিছত ব্যক্তিগৰাকীয়ে ১৫ বছৰৰ পিছতহে বিক্ৰী বা হস্তান্তৰ কৰিব পাৰিব৷ পূৰ্বতে এইদৰে ভূমি আৱণ্টন দিয়াৰ তিনি বছৰ পাছতহে ম্যাদি পট্টা প্ৰদানৰ ব্যৱস্থা আছিল৷

▶️ আজিৰ কেবিনেটে ফ্লেট ক্ৰয় আৰু বিক্ৰয়ৰ বাবে জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

▶️ আজিৰ কেবিনেটে শিক্ষা বিভাগত অনুমোদিত কিন্তু খালী হৈ থকা ২২,৯২১ টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাত অনুমোদন জনায়৷ এই পদসমূহৰ ১০ হাজাৰ টা প্ৰাথমিক শিক্ষা বিভাগৰ আৰু ১২,৯২১ টা পদ হৈছে মাধ্যমিক শিক্ষা বিভাগৰ৷ অহা ১ ছেপ্টেম্বৰৰ পৰা এই পদপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব ৷

▶️ পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪ টা পদত নিযুক্তিৰ বাবে বিশেষ টেট’ অনুষ্ঠিত কৰাৰ বাবেও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ তদুপৰি বড়ো, গাৰো আৰু মণিপুৰী মাধ্যমৰ বাবেও হ’ব বিশেষ টেট’ পৰীক্ষা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...