দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ প্ৰতিকৃতি অংকনৰ অভিলেখ

যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ১০৭গৰাকী ছাত্ৰী আৰু অধ্যাপিকাই আজি ১০ মিনিটৰ ভিতৰত একোখনকৈ প্ৰতিকৃতি অংকনেৰে এক অভিলেখ স্থাপন কৰে৷ তেওঁলোকে মহাত্মা গান্ধী, মাডাৰ টেৰেছা, সুধাকণ্ঠ ভূপেন হাজৰিকা, সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা প্ৰমুখ্যে কেইজনমান বৰেণ্য ব্যক্তিৰ প্ৰতিকৃতি অংকন কৰে৷ মহাবিদ্যালয়খনৰ গণিত বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আয়োজিত ‘আৰ্ট এণ্ড লাইফ’ শীৰ্ষক সপ্তাহজোৰা চিত্ৰ কৰ্মশালাৰ সামৰণিৰ লগত সংগতি ৰাখি ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড্‌ছ’ৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ এই কাৰ্যসূচীত ইণ্ডিয়া বুক অৱ ৰেকৰ্ড্‌ছৰ কাৰ্যবাহী দিপু বৰা উপস্থিত থাকে৷ উল্লেখ্য, দিপু বৰাই ইতিমধ্যে প্ৰতিকৃতি অংকনৰ কেইবাটাও অভিলেখ স্থাপন কৰিছে৷ তেওঁৰ এই অসামান্য প্ৰতিভাৰ বাবে ইউনাইটেড কিংডমৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে৷ গণিতৰ অধ্যাপনা আৰম্ভ কৰাৰ বৰাৰ তত্বাৱধানতে এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল৷ প্ৰথম দিনা কৰ্মশালাখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড॰ জিনামনি ভূঞাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...