ড্ৰাগছৰ সৰবৰাহ: ডাউড ইব্ৰাহিমৰ ভাতৃ ইকবাল কাস্কাৰক গ্ৰেপ্তাৰ

গুৱাহাটী, ২৩ জুন, NKTV: ৱান্টেড আণ্ডাৰৱৰ্ল্ড ডন ডাউড ইব্ৰাহিমৰ ভাতৃ ইকবাল কাস্কাৰক বুধবাৰে মুম্বাইৰ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)য়ে গ্ৰেপ্তাৰ কৰিছে। কাস্কৰক জম্মু-কাশ্মীৰৰ পৰা পঞ্জাৱলৈ নিষিদ্ধ পদাৰ্থ বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

কাস্কাৰক ২০০৩ চনত UAEৰ পৰা বিতাৰিত কৰা হৈছিল আৰু ২০১৭ চনৰ ছেপ্টেম্বৰত থানে আৰক্ষীয়ে এটা ধন দাবীৰ গোচৰৰ তদন্তৰ সন্দৰ্ভতো গ্ৰেপ্তাৰ কৰিছিল। কাস্কাৰক ডাউড ইব্ৰাহিমৰ মুম্বাইৰ ৰিয়েল ইষ্টেট ব্যৱসায় চলাই থকা বুলি সন্দেহ কৰা হৈছে।

বিল্ডাৰৰ অভিযোগ অনুসৰি, কাস্কৰে মুম্বাইৰ গোৰাই অঞ্চলত ৩৮ একৰ ভূমিৰ চুক্তিৰ বাবে বিল্ডাৰ জনক ভাবুকি দি ৩ কোটি টকা সংগ্ৰহ কৰিছিল। তদন্তৰ সময়ত, ডাউড আৰু আনিস ইব্ৰাহিমৰ সম্পৰ্কৰ কথাও পোহৰলৈ আহিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...