মৃত্যুৰ পূৰ্বে লিখি থৈ নগ’লেও দেউতাকৰ সম্পত্তিৰ অধিকাৰী হ’ব কন্যা

কন্যা বা জীয়েকসকলে দেউতাকৰ উপাৰ্জনৰ উত্সৰ উত্তৰাধিকাৰী আৰু দেউতাকৰ সম্পত্তি লাভ কৰিব। উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ে হিন্দু উত্তৰাধিকাৰী আইনৰ অধীনত হিন্দু মহিলা আৰু বিধৱাসকলৰ সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ ওপৰত এই নিৰ্দেশনা জাৰি কৰে। বৃহস্পতিবাৰে নিজৰ ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে ইচ্ছাপত্ৰ অবিহনে মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ কন্যাসকল পিতৃৰ স্ব-উপাৰ্জিত আৰু অন্যান্য সম্পত্তিৰ সমানে অধিকাৰী হ’ব আৰু পৰিয়ালৰ আন সদস্যৰ ভিতৰত কন্যাক প্ৰাধান্য দিব লাগিব। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে পূৰ্বে ৰায়দান কৰা এক ৰায়ৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে এই ৰায়দান কৰে। ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে কয় যে ইচ্ছা অবিহনে মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ মৃত্যুৰ পিছত সম্পত্তি, সেয়া লাগিলে স্ব-অধিগ্ৰহণ কৰা সম্পত্তি হওঁক বা পাৰিবাৰিক সম্পত্তিৰ বিভাজনত হওঁক, উত্তৰাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হ’ব। বিচাৰপীঠে লগতে কয় যে জীয়েকে আন আত্মীয়সকল যেনে মৃত পিতৃৰ ভাতৃসকলৰ পুত্ৰ বা কন্যাৰ সৈতে সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ অধিকাৰ পাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...