বাংলাদেশ-ম্যানমাৰত ব্যাপক ধ্বংসলীলাৰ সম্ভাৱনা

ক্ৰমাৎ বিধ্বংসী ৰূপ লৈছে সামুদ্ৰিক ঘূৰ্ণি ‘মোখা’ই

ঘণ্টাত ২০০ কিঃমিঃ গতিৰে বাংলাদেশ-ম্যানমাৰৰ উপকূলত খুন্দা ‘মোখা’ৰ

বাংলাদেশৰ কক্সবাজাৰ, চট্টগ্ৰাম, পায়ৰা বন্দৰলৈ তীব্ৰ ভাবুকি

উৰুৱাই নিব পাৰে বাংলাদেশৰ ৰোহিংগ্যা শৰণাৰ্থীৰ শিবিৰ

‘মোখা’ৰ গতি বৃদ্ধি পাব ঘণ্টাত ২১০ কিলোমিটাৰলৈ

বাংলাদেশ-ম্যানমাৰত ব্যাপক ধ্বংসলীলাৰ সম্ভাৱনা

শক্তি সঞ্চয়কৰি ‘কেটেগৰী–৫’ৰ অন্তৰ্ভুক্ত হৈছে ‘মোখা’

স্থানান্তৰ কৰা হৈছে পাঁচ লক্ষাধিক লোকক

বন্ধ কৰি দিয়া হৈছে পাৰ্শ্বৱৰ্তী অঞ্চলৰ কেবাটাও বিমানকোঠ

ক্ষতিগ্ৰস্ত লোকৰ বাবে স্থাপন কৰা হৈছে ১৫০০ শিবিৰ

ক্ৰমাৎ বিধ্বংসী ৰূপ লৈছে সামুদ্ৰিক ঘূৰ্ণি ‘মোখা’ৰ বংগোপসাগৰত সৃষ্টি হোৱা ‘মোখা’ই দেওবাৰে দুপৰীয়া প্ৰচণ্ড গতিৰে খুন্দা মাৰে বাংলাদেশ আৰু ম্যানমাৰ উপকূলত। দুয়োখন দেশৰ উপকূলৱৰ্তী অঞ্চলত ইতিমধ্যে ধ্বংসলীলা আৰম্ভ কৰিছে মোখাই। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ঘণ্টাত ২১০ কিলোমিটাৰলৈকে গতি লাভ কৰিব পাৰে মোখাই। বাংলাদেশৰ কক্সবাজাৰ আৰু ম্যানমাৰৰ টিটৱে বন্দৰৰ কাষৰীয়া অঞ্চলসমূহত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত। বাংলাদেশ–ম্যানমাৰৰ উপকূলৱৰ্তী অঞ্চলত ঘূৰ্ণিৰ প্ৰভাৱত উভালি পৰিছে বৃহৎ গছ–গছনি। বাংলাদেশৰ দক্ষিণ–পূব উপকূলৰ পৰা স্থানান্তৰ ৰোহিংগীয়া শৰণাৰ্থী শিবিৰসমূহৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে মোখাই। ব্যাপক দুৰ্যোগৰ আশংকা ঘনীভূত হৈছে বাংলাদেশৰ কক্সবজাৰ, চট্টগ্ৰাম আৰু পায়ৰা বন্দৰত। কক্সবজাৰ আৰু চিটৱে উপকূলত ঘণ্টাত ২০০ কিলোমিটাৰ বেগত ধাৱমান হৈছে মোখা। সামুদ্ৰিক ঘূৰ্ণিৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰা হৈছে পশ্চিমবংগৰ পূব মেদিনীপুৰ আৰু দক্ষিণ ২৪ পৰগনা জিলাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...