ওদালগুৰিত ঘৰভৰি ফুলি থকা নিয়ৰমালতী ফুল চাবলৈ ৰাইজৰ ভিৰ

ওদালগুৰি জিলাৰ এখন ঘৰ আহিছে বিশেষভাৱে চৰ্চালৈ। ওদালগুৰিৰ ৪ নং ৰজাগড়ৰ এখন বিশেষ ঘৰ। ঘৰৰ গৰাকী এইজন হৰেশ্বৰ ডেকা। দিন হাজিৰা কৰা এই মানুহজনৰ ঘৰলৈ নিতৌ আহে বহু মানুহ। কিন্তু কি কামত মানুহজনৰ ঘৰত ভিৰ কৰে মানুহে?

সৰুকৈ পদূলিৰে এটি বিশেষ ঘৰ
ঘৰলৈ সোমাই যোৱাৰ বাটত একাষে ধানখেৰৰ মেজি এটি
আনফালে গুলঞ্চ, কাঞ্চন, নাহৰকে ধৰি ফুলৰ গছ
শাৰী শাৰীকৈ তামোল গছ, কলগছো আছে ভৰি
মূল চৰিত্ৰ গুলঞ্চ, কাঞ্চন, নাহৰ নহয়
নহয় তামোল গছ, কলগছো
কাহিনীৰ মূললৈ যাবলৈ হ’লে আমি যাব লাগিব কিছু ভিতৰলৈ

এইখন ওদালগুৰিৰ ৪ নং ৰজাগড়ৰ এখন বিশেষ ঘৰ। ঘৰৰ গৰাকী এইজন হৰেশ্বৰ ডেকা। দিন হাজিৰা কৰা এই মানুহজনৰ ঘৰলৈ নিতৌ আহে বহু মানুহ।

হয়, আপুনি ভবাৰ দৰেই কথাটো। ঘৰভৰি ফুলি থকা এই নিয়ৰমালতী ফুল চাবলৈকে প্ৰতিদিনেই আহে ৰাইজ। লিৰিকি বিদাৰি চায়। প্ৰাণভৰি চায়

কেউপিনে কেৱল প্ৰকৃতিৰ অনুপম সৃষ্টি মালা। ঘৰৰ চাল, চোতাল সকলো সামৰি কেৱল ফুলৰ বাহাৰ। ৮ বছৰৰ আগেয়েই লগাইছিল এই ফুল। অতি আকুলতাৰে সজোৱা এই ফুলে সকলোকে মাতি হাত বাউলী।

ধনৰে নহ’লেও মনৰে চহকী হৰেশ্বৰ ডেকাৰ ঘৰত ফুলি আছে নানা ফুল। ফুলক কেন্দ্ৰ কৰিয়েই ঘৰলৈ মানুহ আগমনক লৈ ডেকা অতি সুখী।

এখন বাগিচা কৰ বুলি কোনো কোনোৱে আবদাৰ কৰে। হৰেশ্বৰৰ আক্ষেপ, নাৰ্চাৰী এখন কৰোঁ বুলিয়েই কিদৰে কৰে?

কেনেকৈ প্ৰতিপাল কৰে এই নিয়ৰ মালতী? কেনেকৈ সাজিছে এই ধুনীয়া ফুলনি? ক’লে হৰেশ্বৰ ডেকাই।

মনেৰে চহকী হৰেশ্বৰ ডেকাৰো পিছে আছে অভাৱ অভিযোগ। অকপটে ক’লে মনৰ কথা।

প্ৰকৃতিৰ অনুপম সৃষ্টিৰে আৱৰা এই ঘৰখন কেৱল ৰজাগড়ৰে নহয়। বহু আলহীৰ বাবে আকৰ্ষণ। নিয়ৰ মালতীয়ে ন চিনাকি দিলে হৰেশ্বৰক। যেন নতুন এক লেণ্ডমাৰ্ক ৰজাগড়ৰ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...