পৃথিৱী দেখিয়েই মৃত্যু ৰোনাল্ডোৰ সন্তানৰ

পৃথিৱী দেখিয়েই মৃত্যু ৰোনাল্ডোৰ সন্তানৰ। ১৬ এপ্ৰিলত ইংলিছ প্ৰিমিয়াৰ লীগত হেটত্ৰিক অৰ্জনেৰে সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিছিল মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। কঠিন মেচখনত মানচেষ্টাৰ ইউনাইটেডক ৩-২ গলত পৰাস্ত কৰাত অনবদ্য ভূমিকা লৈছিল পতুৰ্গীজ তাৰকাই। খেলপথাৰত দেখা গৈছিল প্ৰফুল্লিত মনৰ ষ্ট্ৰাইকাৰজনক। কিন্তু এই আনন্দত ম্লান পেলালে এটা অবাঞ্চিত খবৰে।

যমজ সন্তানৰ পিতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। এই সুখত হঠাতে যেন নামি আহিল বিষাদৰ ছায়াঁ। জন্মৰ পিছতে মৃত্যুক সাৱটিলে এটি সন্তানে। মৃত্যু হোৱা নৱজাতকটি আছিল ল’ৰা। অৱশ্যে কন্যা সন্তানটি এতিয়াও সুৰক্ষিত। সামাজিক মাধ্যম যোগে এই দুখৰ খবৰটো জনাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। খবৰ পোৱাৰ লগে লগে ব্যথিত হৈ পৰে মহাতাৰকাৰ অনুৰাগীসকল।

উল্লেখ্য যে বিগত বৰ্ষৰ অক্টোবৰতে ৰোনাল্ডোৰ প্ৰেয়সী জিঅজিৰ্না ৰদ্ৰিগেজে জনাইছিল যে- “যমজ সন্তানৰ মাতৃ হ’বলৈ গৈ আছে”। এই ঘোষণাৰ পিচতে অত্যন্ত সুখী হৈছিল তাৰকাজন। অপেক্ষা কৰিছিল এপ্ৰিল মাহলৈ। কিন্তু অপেক্ষাৰ ওৰ পৰিল যদিও পাৰিবাৰিক জীৱনলৈ নামি আহিল বিষাদৰ ছায়াঁ। মৃত্যু হোৱাৰ খবৰটি সামাজিক মাধ্যম যোগে জনাই ৰোনাল্ডোৱে কয়- “মোৰ সদ্যজাত এটি সন্তানৰ মৃত্যু হৈছে। পিতৃ-মাতৃৰ বাবে ইয়াতকৈ দুখৰ খবৰ একো হ’ব নোৱাৰে।”

২০১০ বৰ্ষত প্ৰথমটি সন্তানৰ পিতৃ হৈছিল ৰোনাল্ডো। লৰাটোৰ নাম ক্ৰিষ্টিয়ানো জুনিয়ৰ। বৰ্তমান পিতৃৰ পদাংক অনুসৰণ কৰি ফুটবলৰ অনুশীলনত ব্যস্ত ক্ৰিষ্টিয়ানো জুনিয়ৰ। এতিয়াও প্ৰথম সন্তানৰ মাতৃ পৰিচয় অজ্ঞাত। বৰ্তমান ৪টি সন্তানৰ পিতৃ ৰোনাল্ডো। প্ৰেয়সী জিঅজিৰ্নাৰ প্ৰথম সন্তানৰ নাম আলানা মাৰ্টিনা।

ক্ৰিষ্টিয়ানোৰ দুখত সমভাগী সতীৰ্থৰ লগতে অনুৰাগীসকলো। মানচেষ্টাৰ ইউনাইটেডে ৰোনাল্ডোক সমবেদনা জনাই লিখিছে, “Your pain is our pain,Cristiano.”
এয়াই মহাতাৰকাজনৰ প্ৰতি থকা ভালপোৱা, অকুণ্ঠ মৰম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...