ডায়েট ডিব্ৰুগড় আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত শুক্ৰবাৰে এখন বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত হয়। খেলখনত পানীটোলা শিক্ষা খণ্ডই ডায়েট ডিব্ৰুগড়ক চাৰি উইকেটত পৰাজিত কৰে। টছত জয়লাভ কৰি প্ৰথমে বেট কৰাৰ সিদ্ধান্ত লৈ ডায়েট ডিব্ৰুগড়ে নিৰ্ধাৰিত ১০ অ’ভাৰত ৪ টা উইকেটৰ বিনিময়ত ১১১ ৰাণ সংগ্রহ কৰে। উচ্চ বৰ্গৰ সহায়ক প্ৰাঞ্জল গগৈয়ে সৰ্বাধিক ৪২ ৰাণ আৰু প্ৰবক্তা স্বৰাজ ফুকনে ২০ ৰাণ সংগ্ৰহ কৰে। পানীটোলা শিক্ষা খণ্ডই লক্ষ্য অনুসৰণ কৰি ৭.৫ অ’ভাৰত ৬ টা উইকেটৰ বিমিময়ত নিৰ্ধাৰিত ৰাণখিনি সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পানীটোলা শিক্ষা খণ্ডৰ হৈ অংকুৰ দত্তই ৫২ ৰাণ আৰু নয়ন তামুলীয়ে ৩০ ৰাণ সংগ্ৰহ কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

খেলখনৰ পূৰ্বে উভয় দলৰ খেলৱৈসকলক জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্য আৰু মুখ্য সহায়ক হেমচন্দ্ৰ হাজৰিকাৰ সৈতে চিনাকি কৰি দিয়া হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...