ক’ভিড নিয়ন্ত্ৰণৰ বাবে মহানগৰীত Testing, Tracing আৰু Treatment

আজি কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এখন বৈঠকত মিলিত হৈ মহানগৰ জিলাখনৰ ক’ভিড ব্যৱস্থাপনাৰে জৰিত দিশসমূহ বিশদ ভাৱে পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইতিমধ্যে জিলাখনত ক’ভিড পৰিস্থিতি সঠিক ভাৱে নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ তিনিটা T-Testing, Tracing আৰু Treatmentৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়, স্বাস্থ্য-শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, মহানগৰ জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশসকল, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, মহানগৰ আৰক্ষীৰ তিনিওটা মণ্ডলৰ জ্যেষ্ঠ বিষয়াসকলৰ উপৰি তৃণমূল পৰ্যায়ত সেৱাত নিয়োজিত ক’ভিড প্ৰতিৰোধ অভিযানৰ অন্যতম যোদ্ধা অন্যতম এম পি ডব্লিউসকলৰ সাতগৰাকীকৈ প্ৰতিনিধিৰো উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত জিলাখনৰ কন্টেইমেন্ট জ’ন ক’ভিড কেয়াৰ চেণ্টাৰ আদিৰ ক’ভিড ৰোগীৰ পজিটিভৰ হাৰ আদি সকলো দিশক লৈ আলোচনা কৰা হয়। সমান্তৰালভাৱে জনসাধাৰণক অধিক সজাগ সচেন কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‍‍৫খনকৈ দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইউনাইটেড আৰৱ এমিৰেটছ, নেডাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণলৈ...

আজি প্ৰ’টেম অধ্যক্ষৰূপে শপত লয় চন্দ্ৰমোহন পাটোৱাৰীয়ে

প্ৰ’টেম অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ।বিধানসভাত দায়িত্বভাৰ গ্ৰহণ পাটোৱাৰীৰ।আজি...

মুকলি আকাশৰ তললৈ ছামিম আহমেদ

মুকলি আকাশৰ তললৈ ছামিম আহমেদছামিমৰ গাড়ীয়ে মঠঘৰীয়াত সংঘটিত কৰিছিল...

সীমা সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা: অতুল বৰা

বিভাগীয় দায়িত্ব লাভৰ পাছতেই প্ৰথম কাৰ্যসূচী মন্ত্ৰী অতুল বৰাৰ।অসম...