ক’ভিড নিয়ন্ত্ৰণৰ বাবে মহানগৰীত Testing, Tracing আৰু Treatment

আজি কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এখন বৈঠকত মিলিত হৈ মহানগৰ জিলাখনৰ ক’ভিড ব্যৱস্থাপনাৰে জৰিত দিশসমূহ বিশদ ভাৱে পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইতিমধ্যে জিলাখনত ক’ভিড পৰিস্থিতি সঠিক ভাৱে নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ তিনিটা T-Testing, Tracing আৰু Treatmentৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়, স্বাস্থ্য-শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, মহানগৰ জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশসকল, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, মহানগৰ আৰক্ষীৰ তিনিওটা মণ্ডলৰ জ্যেষ্ঠ বিষয়াসকলৰ উপৰি তৃণমূল পৰ্যায়ত সেৱাত নিয়োজিত ক’ভিড প্ৰতিৰোধ অভিযানৰ অন্যতম যোদ্ধা অন্যতম এম পি ডব্লিউসকলৰ সাতগৰাকীকৈ প্ৰতিনিধিৰো উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত জিলাখনৰ কন্টেইমেন্ট জ’ন ক’ভিড কেয়াৰ চেণ্টাৰ আদিৰ ক’ভিড ৰোগীৰ পজিটিভৰ হাৰ আদি সকলো দিশক লৈ আলোচনা কৰা হয়। সমান্তৰালভাৱে জনসাধাৰণক অধিক সজাগ সচেন কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...