ৰাজ্যত ৩ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান

ক’ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত অসমে লাভ কৰিছে আন এক সফলতা। ৰাজ্যত ৩ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা আজি সফলতাৰে অতিক্ৰম কৰিলে স্বাস্থ্য বিভাগে। শণিবাৰে দুপৰীয়া ১.৩০ বজালৈকে মুঠ ৩,০০,২৫,৯৩২ পালি প্ৰতিষেধক প্ৰদান। এই পৰ্যন্ত ৰাজ্যত ২,০৪,৪৪,৬৫৭ গৰাকীয়ে লৈছে প্ৰথম পালি প্ৰতিষেধক। দুয়োপালি ক’ভিড প্ৰতিষেধক ল’লে ৯৫.৮১ লাখ লোকে।

উল্লেখযোগ্য যে, অসমে ১ কোটি পালিৰ সীমা পাৰ কৰিছিল ২৭ জুলাইত। ১১ ছেপ্তেম্বৰত অতিক্ৰম কৰিছিল ২ কোটি পালি ক’ভিড প্ৰতিষেধকৰ সীমা। ৰাজ্যবাসীক অভিনন্দন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, গাঁওবুঢ়া, বিএলঅ’লৈ স্বাস্থ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...