ৰাজ্যত ৩ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান

ক’ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত অসমে লাভ কৰিছে আন এক সফলতা। ৰাজ্যত ৩ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা আজি সফলতাৰে অতিক্ৰম কৰিলে স্বাস্থ্য বিভাগে। শণিবাৰে দুপৰীয়া ১.৩০ বজালৈকে মুঠ ৩,০০,২৫,৯৩২ পালি প্ৰতিষেধক প্ৰদান। এই পৰ্যন্ত ৰাজ্যত ২,০৪,৪৪,৬৫৭ গৰাকীয়ে লৈছে প্ৰথম পালি প্ৰতিষেধক। দুয়োপালি ক’ভিড প্ৰতিষেধক ল’লে ৯৫.৮১ লাখ লোকে।

উল্লেখযোগ্য যে, অসমে ১ কোটি পালিৰ সীমা পাৰ কৰিছিল ২৭ জুলাইত। ১১ ছেপ্তেম্বৰত অতিক্ৰম কৰিছিল ২ কোটি পালি ক’ভিড প্ৰতিষেধকৰ সীমা। ৰাজ্যবাসীক অভিনন্দন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, গাঁওবুঢ়া, বিএলঅ’লৈ স্বাস্থ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...