দ্ৰুতহাৰত অসমত বাঢ়িছে ক’ভিড, কঠোৰ হ’ব নেকি চৰকাৰ?

ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ৪৭৫ জন আক্ৰান্ত ক’ভিডত। গুৱাহাটীতো বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত গুৱাহাটীত আক্ৰান্ত ১৯০জন লোক। যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৩ জনৰ মৃত্যু ঘটিছে।
ইফালে কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কৰ’নাৰ সংক্ৰমণে ভাৰততো সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ। ৰাজ্যই ৰাজ্যই সংক্ৰমিতৰ সংখ্যা বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে চৰকাৰকো। যোৱা ২৪ ঘণ্টাত দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ সংক্ৰমিত হৈছে ৩৭ হাজাৰৰো অধিক লোক। সমান্তৰালভাৱে বৃদ্ধি পাইছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণো। অমিক্ৰন আক্ৰান্তৰ সংখ্যাই ১,৯০০ৰ ঘৰ স্পৰ্শ কৰাৰ দিশে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...