দ্ৰুতহাৰত অসমত বাঢ়িছে ক’ভিড, কঠোৰ হ’ব নেকি চৰকাৰ?

ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ৪৭৫ জন আক্ৰান্ত ক’ভিডত। গুৱাহাটীতো বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত গুৱাহাটীত আক্ৰান্ত ১৯০জন লোক। যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৩ জনৰ মৃত্যু ঘটিছে।
ইফালে কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কৰ’নাৰ সংক্ৰমণে ভাৰততো সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ। ৰাজ্যই ৰাজ্যই সংক্ৰমিতৰ সংখ্যা বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে চৰকাৰকো। যোৱা ২৪ ঘণ্টাত দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ সংক্ৰমিত হৈছে ৩৭ হাজাৰৰো অধিক লোক। সমান্তৰালভাৱে বৃদ্ধি পাইছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণো। অমিক্ৰন আক্ৰান্তৰ সংখ্যাই ১,৯০০ৰ ঘৰ স্পৰ্শ কৰাৰ দিশে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...