২০ ডিচেম্বৰলৈ বন্ধ পাঠদান

কভিডৰ দৈনিক নতুন নতুন সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ বিশ্বনাথ জিলাৰ বিহালীৰ শিক্ষানুষ্ঠানত কভিডৰ জাল। পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা জাহ্নৱী নাথৰ দেশত ধৰা পৰিছে কভিড ৷ অলপতে অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা আহিছিল প্ৰবক্তাগৰাকী। কভিডত আক্ৰান্তৰ বাবে কভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে শিক্ষানুষ্ঠানখনে। ইয়াৰ লগতে ৪ দিনৰ বাবে বন্ধ থাকিব পাঠদান। ২০ ডিচেম্বৰলৈকে কলেজখন বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ পিছতে ইখনৰ পিছত সিখন কলেজ-বিশ্ববিদ্যালয়ত কভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...