অৱশেষত বাতিল কটন বিশ্ববিদ্যালয়ৰ ভূমি বনিয়াক হস্তান্তৰৰ সিদ্ধান্ত

অৱশেষত বাতিল কটন বিশ্ববিদ্যালয়ৰ ভূমি বনিয়াক হস্তান্তৰৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পূৰ্বৰ জাননী প্ৰত্যাহাৰ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। আৰ্থিক সংকট দূৰ কৰাৰ নামত কটনৰ ভূমি হস্তান্তৰৰ বাবে গঠন কৰা হৈছিল ৬জনীয়া কমিটী। নিজাকৈ ৰাজ সংগ্ৰহৰ বাবে কৰ্তৃপক্ষই লোৱা এই সিদ্ধান্তৰ বিৰুদ্ধে হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধী কৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই।

ঐতিহ্য মণ্ডিত কটন বিশ্ব বিদ্যালয়ৰ মাটি কৰ্তৃপক্ষই বন্ধকত দিবলৈ ওলোৱাক লৈ প্ৰতিবাদত উত্তাল বিশ্ববিদ্যালয় চৌহদ। বিশ্ববিদ্যালয় ছাত্ৰসমাজে এই সিদ্ধান্ত হঠকাৰি আখ্যা দিলে। ১৩ মে’ত জাৰি কৰা জাননীত স্পষ্টকৈ উল্লেখ আছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় চৌহদৰ মাটি ব্যৱসায়ীক দিয়াৰ সিদ্ধান্ত। ভূমি হস্তান্তৰ কৰিবলৈ অধ্যাপক অৰূপ কুমাৰ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰা হৈছে ৬জনীয়া কমিটী। এই ছজনীয়া কমিটীয়ে কটনৰ চৌহদত ব্যৱসায়ীক দিবলৈ বিচাৰি উলিয়াব মাটি। জানিব পৰা মতে ৮ মাৰ্চত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ ৩৪সংখ্যক বৈঠকত হৈছিল এই সিদ্ধান্ত। কিন্তু দুটামাহ এই কথা গোপনে ৰাখি ১৩ মে’ কৰ্তৃপক্ষই কমিটী গঠন কৰা ফাদিল হ’ল এই ভয়ংকৰ তথ্য। তাৰ পিছতে জাঙুৰ খাই উঠিল ছাত্ৰ সমাজ।

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্ত তীব্ৰ বিৰোধিতাৰে জাঙুৰ খাই উঠিল জাতীয় দল–সংগঠন তথা সমাজৰ ভিন্ন স্তৰৰ লোক। তীব্ৰ বিৰোধিতা কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা এই প্ৰক্ৰিয়াক এক ভয়ংকৰ লক্ষণ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। এনেদৰেই ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পূঁজি সংগ্ৰহৰ নামত এক অশুভ পৰম্পৰা আৰম্ভ কৰিবলৈ ওলোৱা বুলি সৰৱ হ’ল বহুজন।

ৰাজহ সংগ্ৰহৰ বাবে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাটি বন্ধকত দিবলৈ ওলোৱাক লৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ চৰকাৰক প্ৰশ্ন ৰাজ্যিক বিশ্ববিদ্যালয় সমূহক চৰকাৰে মুকলি কৰি দিয়া নাই নেকি পৰ্যাপ্ত ধন।

ইফালে বিশ্ববিদ্যালয় কৃৰ্তৃপক্ষৰ সিদ্ধান্তক লৈ তোলপাৰ লগাৰ পিছতে সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ দিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতো প্ৰথম অৱস্থাত নিজৰ স্থিতিত অটল বিশ্ববিদ্যালয়ৰ পঞ্জীয়কজনে একপ্ৰকাৰ তুলুঙা যুক্তিৰে উৰুৱাই দিয়াৰ চেষ্টা কৰিলে সমগ্ৰ বিষয়টো। পঞ্জীয়কজনৰ মতে এইটো এটা সৰু কথা। ইফালে বিশ্ব বিদ্যালয়ৰ ভূমি লীজ অথবা বিক্ৰিৰ কথাও অস্বীকাৰ পঞ্জীয়কৰ। তেখেতৰ মতে বিশ্ববিদ্যালয়খনৰ ভূমি লীজত দিয়া বা বিক্ৰী কৰা তেওঁলোকৰ আঁওতাৰ বাহিৰত।

ইফালে কৰ্তৃপক্ষৰ জাননীক লৈ ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছিল পানবজাৰৰ একাডেমিক বিল্ডীঙৰ উপৰি মহানগৰীৰ ৰূপনগৰ, আজাৰা আদিত কটন বিশ্ববিদ্যালয়ৰ নামত আছে পৰিত্যক্ত ভূমি। সেই ভূমিও গটোৱা হ’ব নেকি বাহিৰৰ ব্যৱসায়িক? সেই সন্দৰ্ভত পঞ্জীয়কজনৰ মন্তব্য– সদ্যহতে বিশ্ববিদ্যালয়ৰ একাডেমিক ভৱনৰ চৌহদৰ বিষয়েহে হৈছে সিদ্ধান্ত। কিন্তু ব্যৱসায়িক ভূমি প্ৰদান কৰিলে ৰাজহৰ কথা বিবেচনা কৰা হ’বই বুলিও ক’লে পঞ্জীয়কে। ইফালে সংবাদমেলত কটন বিশ্ববিদ্যালয়ত আৰ্থিক সংকটৰ কথাও অস্বীকাৰ কৰি পঞ্জীয়কজনে সকলে সময় মতেই দৰমহা লাভ কৰি আছে শিক্ষক কৰ্মচাৰীয়ে। কিন্তু বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ সংবাদমেলৰ পিছতে ছাত্ৰ একতা সভাই সম্বোধন কৰা সংবাদ মেলত ওলাল গোমৰ ফাক। কৰ্তৃপক্ষই জাৰি কৰা এই জাননী অগণতান্ত্ৰিক কটন বিৰোধী। কটনৰ ভূমি শিক্ষাৰ বাবেহে বোপাৰৰ বাবে নহয়।

ছাত্ৰ একতাসভাৰ সভাপতিৰ দাবী কাৰ্যবাহী পৰিষদৰ সভাত উত্থাপিত প্ৰস্তাৱ অনুসৰি বিশ্ববিদ্যালয়ক SBIএ বিচাৰিছিল ভূমি। আৰু সেই কথা বিবেচনাৰ বাবে ECএ ছাত্ৰ, শিক্ষক, কৰ্মচাৰীক লৈ এখন কমিটি গঠনৰ দিছিল নিৰ্দেশ। কিন্তু স্বেচ্ছাচাৰীভাৱে কেবল ৬জন অধ্যাপকক লৈ গঠন কৰা হ’ল এই কমিটি। গতিকে এই অবৈধ জাননী প্ৰত্যাহাৰৰ দাবী ছাত্ৰ একতা সভাৰ।

আনহাতে ছাত্ৰ একতা সভাৰ কৰ্তৃপক্ষক প্ৰত্যাহ্বান যদি এই জাননী সঠিক আছিল তেন্তে কিয় কটন বিশ্ববিদ্যালয়ৰ ৱেৱছাইটৰ পৰা আতৰোৱা হ’ল জাননীখন। ইফালে ঐতিহ্যমণ্ডিত কটন কলেজ নামতে হ’ল বিশ্ব বিদ্যালয়, কিন্তু আজিও এশ এবুৰি সমস্যাৰে জৰ্জৰ বিশ্ব বিদ্যালয়খন। কিন্তু বিশ্ব বিদ্যালয় গঠনৰ সময়তে মুখ্যমন্ত্ৰী তথা কটনৰ ছাত্ৰ একতাসভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল দক্ষিণ পূব এছিয়াৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰূপে গঢ়ি তোলা হ’ব। সেয়ে তেওঁৰে অনুজ এইসকল বৰ্তমানৰ ছাত্ৰৰ মুখ্যমন্ত্ৰীলৈ আহ্বান।

ইয়াৰ পিছতে তাৎ‍ক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। কটনৰ সম্পত্তি কেতিয়াও আনক গটাবলৈ নিদিয়ে চৰকাৰে। এনে প্ৰক্ৰিয়া শীঘ্ৰে বন্ধ কৰিবলৈ কটন বিশ্ব বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ছ’চিয়েল মিডিয়া যোগে কৰ্তৃপক্ষক এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে যেন থৰকাচুটি হেৰাল কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। তাৎক্ষণিকভাৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিলে এখন নতুন জাননী। এই জাননীৰ যোগেদি পূৰ্বৰ জাননী প্ৰত্যাহাৰ কৰিলে কৰ্তৃপক্ষই। কিন্তু দুটা দিনৰ বিতৰ্ক তথা প্ৰতিক্ৰিয়াই বহু প্ৰশ্নৰ উদ্ৰেগ ঘটালে। নিজা ৰাজহ সংগ্ৰহৰ বাবে কটন বিশ্ববিদ্যালয়ৰ এনে সিদ্ধান্ত ল’বলগীয়া হ’ল কিয়? সঁচাকৈ পূঁজিৰ অভাৱত ভুগিছে নেকি কটন বিশ্ববিদ্যালয়ে? কটনৰ পিছত শেহতীয়াকৈ ৰাজ্যৰ বহুকেইখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ক ৰাজ্য চৰকাৰে উন্নীত কৰিছে বিশ্ববিদ্যালয়লৈ। কিন্তু তেনে বিশ্ববিদ্যালয়সমূহতো আন্তঃগাথনিকে ধৰি ছাত্ৰ–ছাত্ৰীৰ সা–সুবিধাৰ বাবে বিশেষ সা–সুবিধাসমূহৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই। এক কথাত কাগজে–পত্ৰইহে ৰাজ্যত হৈছে নেকি ইখনৰ পিছত সিখন বিশ্ববিদ্যালয়? মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কটনৰ বিতৰ্ক সাময়িকভাৱে শাম কাটিলেও এতিয়া প্ৰাসংগিক কৰি তুলিলে এনেবোৰ প্ৰশ্নকে।

অৱশেষত বাতিল কটন বিশ্ববিদ্যালয়ৰ ভূমি বনিয়াক হস্তান্তৰৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পূৰ্বৰ জাননী প্ৰত্যাহাৰ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। আৰ্থিক সংকট দূৰ কৰাৰ নামত কটনৰ ভূমি হস্তান্তৰৰ বাবে গঠন কৰা হৈছিল ৬জনীয়া কমিটী। নিজাকৈ ৰাজ সংগ্ৰহৰ বাবে কৰ্তৃপক্ষই লোৱা এই সিদ্ধান্তৰ বিৰুদ্ধে হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধী কৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

নিচাসক্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যাৰ অভিযোগ স্বামী পুষ্প গগৈ বিৰুদ্ধে

দুলীয়াজানত পাৰিবাৰিক সংঘাতৰ বিষম পৰিণতি । স্বামীয়ে ডিঙি চেপি...

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ শইকীয়াক অসম ক্ৰিকেট সন্থাৰ অভিনন্দন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা দেৱজিৎ...

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ...

বন্ধুৰ হাততেই প্ৰাণ গ’ল বন্ধুৰ

কাক বিশ্বাস কৰিব মানুহে? এইবাৰ বন্ধুৰ হাততেই প্ৰাণ গ'ল...