ডিমৰীয়াত বৈদিক ৰীতি-নীতিৰে মুছলমান পৰিয়ালক ধৰ্মান্তৰকৰণ

কচুতলিৰ খিলঞ্জীয়া মুছলমান পৰিয়ালৰ হিন্দু ধর্ম গ্রহণ

সোণাপুৰ কচুতলি অঞ্চলৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ পৰিয়াল এটা আজি সম্পূর্ণ হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি ধৰ্মান্তৰকৰণ কৰা হয়। আজি সোণাপুৰৰ এলেঙাকৰ হৰেকৃষ্ণ মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত বৈদিক পৰম্পৰা অনুসৰি কচুতলিৰ হাফিজ আলি আৰু তেওঁৰ পত্নী ৰিজুৱানা বেগমে হিন্দু ধৰ্ম গ্ৰহণ কৰি ৰাহুল বড়ো আৰু ভূমিকা বড়োলৈ ৰূপান্তৰিত হয়। কচুতলিত পোন প্ৰথমবাৰৰ বাবে স্থানীয় দল সংগঠন আৰু ৰাইজে লক্ষ্মী পূজা আয়োজন কৰা সময়তে পৰিয়ালটি হিন্দু ধৰ্মৰ প্ৰতি আকর্ষিত হয় আৰু হিন্দু ধৰ্ম গ্ৰহণৰ বাবে আগ্রহ প্রকাশ কাৰে। ফলত ইছলামধর্মী লোকেৰে পৰিপূৰ্ণ কচুতলিত থকা বাসগৃহ ত্যাগ কৰি বিগত দুটা মাহে আন ঠাইত থাকিব লগীয়া পৰিবেশৰ সৃষ্টি হয়। হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাৰ অনুমান কৰি পৰিয়ালটোৰ আৰু ইছলাম সমাজৰ সকলো লোকে তেওঁলোকৰ সৈতে সম্পৰ্ক ছেদ কৰে। আজি হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি ডিগাৰু নৈৰ পাৰত মুণ্ডন আৰু প্ৰায়চিত্ত কৰাৰ পিছতেই হৰেকৃষ্ণ মন্দিৰত ব্ৰাহ্মণৰ জৰিয়তে হোম-যজ্ঞ আৰু আয়তীৰ নাম-প্ৰসংগৰ জৰিয়তে পৰিয়ালটিয়ে হিন্দু ধর্ম গ্রহণ কৰে। বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডিমৰীয়া প্ৰখণ্ডৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদৰ উত্তৰপূব প্ৰান্তৰ সহঃ মন্ত্রী বিধান চন্দ্ৰ দেৱৰয় আৰু কৃষ্ণ কুমাৰ সিঙৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম প্ৰান্তৰ ধৰ্ম জাগৰণ প্রমুখ যোগেশ শাস্ত্ৰী, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ সুনীল মহান্তিৰ লগতে কেইবাজনো অতিথি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...