ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত মুখ্যমন্ত্ৰীৰ শােক প্রকাশ

গুৱাহাটী, ৮ জুন, NKTV: বিশিষ্ট গীতিকাৰ, কবি, শিশু সাহিত্যিক ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি এক শােকবার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত অসমে এগৰাকী স্বনামধন্য গীতিকাৰ আৰু বিশিষ্ট শিশু সাহিত্যিকক হেৰুৱালে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লগত দীর্ঘকাল ধৰি জড়িত হৈ তেওঁ বিশ্ববিদ্যালয়খনৰ প্ৰতি যি সেৱা আগবঢ়াই গ’ল সেয়া সকলােৱে শ্ৰদ্ধাৰে স্মৰণ কৰিব। এইগৰাকী বিশিষ্ট কবি-সাহিত্যিক বিয়ােগ আমাৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে প্রয়াত ড° মনােৰমা বৰগােহাঞিৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনােৱাৰ লগতে তেওঁৰ শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীত ই-ৰিক্সা চাৰ্জিং কৰাৰ সময়ত শ্বৰ্ট চাৰ্কিট, ৪জনৰ মৃত্যু

দিল্লীত ই-ৰিক্সা চাৰ্জিং কৰাৰ সময়ত সংঘটিত শ্বৰ্ট চাৰ্কিটৰ ফলত...

হকী : চীনক ৩-১ গ’লত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী জয় ভাৰতৰ

ভাৰতীয় মহিলা হকী দলে ইতিহাস সৃষ্টি কৰি চতুৰ্থবাৰৰ বাবে...

বিশেষ অধিৱেশনত লোকসভাত উত্থাপন হ’ব Delimitation (Second) Bill, 2026, ৫০ শতাংশ বৃদ্ধি পাব সংসদীয় আসন

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে Delimitation (Second) Bill, 2026...