ৰাজ্য কঁপোৱা ফাঁচী বজাৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অসম আৰক্ষীলৈ কি আহ্বান মুখ্যমন্ত্ৰীৰ?

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই প্ৰহাৰ কৰিছিল আৰক্ষী বিষয়াই। শুকুৰবাৰে সন্ধিয়াসংঘটিত হোৱা এই ঘটনাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াক। অভিযুক্ত আৰক্ষী বিষয়াজন পাণবজাৰ থানাৰ ভাৰ্গব বৰবৰা। ফাঁচী বজাৰৰ জেইল ৰোডত সংঘটিত হৈছিল এই ঘটনা। ট্ৰেফিক চিগনেল নমনাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। ঘটনাৰ পিছতে অভিযুক্ত পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাক নিলম্বন। শেহতীয়াকৈ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, ‘অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়৷ বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ’ব লাগিব। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ’ল। আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে। আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। লগতে, এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে।

Assam Police must transform into a force that serves and protects the people with dignity and respect, not one that uses unnecessary force against common citizens on the streets. Those days of unchecked power are long gone. Society will no longer tolerate the misuse of authority or violence against the very people the police are meant to safeguard. It is time for the police to embrace reform, accountability, and compassion—or step aside to make way for a force that truly upholds these values.’

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...