সাহিত্য সভাৰ অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা নাছিল মুখ্যমন্ত্ৰীক

‘আমাৰ অসম’ কাকতত প্ৰকাশিত নাৰায়ণপুৰলৈ নগ’লেও বড়ো-ৰাভা সাহিত্য সভাত উপস্থিত মুখ্যমন্ত্রী শীর্ষক এক বাতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত জনায় যে, মুখ্যমন্ত্রীয়ে সম্ভৱপৰ পৰিস্থিতিত সকলো জাতীয় অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে। সেই মর্মেই ২৭ ফেব্ৰুৱাৰীত পলাশবাৰীত অনুষ্ঠিত নিখিল ৰাভা সাহিত্য সভাৰ অধিৱেশন আৰু কোকৰাঝাৰৰ পাটগাঁৱত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে অংশ লৈছিল।

অসম সাহিত্য সভাৰ অধিৱেশনৰ কাৰ্যসূচীৰ দ্বিতীয় মুকলি অধিৱেশনত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম

কিন্তু নাৰায়ণপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনলৈ সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীক আমন্ত্রণ জনোৱা নাছিল। নাৰায়ণপুৰ অধিৱেশনৰ পূৰ্বে সাহিত্য সভাৰ তদানীন্তন সভাপতিয়ে মুখ্যমন্ত্ৰীক বিভিন্ন কাৰ্যসূচীত কেইবাবাৰো লগ পাইছিল যদিও সেই সময়তো মুখ্যমন্ত্ৰীক সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ যোৱাৰ কথা কোৱা নাছিল। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিমন্ত্রণ নোপোৱাকৈয়ে সাহিত্য সভাৰ অধিৱেশনলৈ যোৱাৰ প্রশ্ন নিশ্চয় উত্থাপিত নহয়। অৱশ্যে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিয়ে মুখ্যমন্ত্রীক আমন্ত্ৰণ জনাইছিল। কিন্তু অধিৱেশনখন যিহেতু অসম সাহিত্য সভাৰহে, সেয়ে কেন্দ্রীয় সমিতিয়ে আমন্ত্রণ নজনোৱাকৈ মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ অধিৱেশনত অংশ লোৱাৰ প্রশ্ন নিশ্চয় উত্থাপিত নহয়। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে যে সকলো জাতীয় অনুষ্ঠানৰ কাৰ্যসূচীত অংশ ল’বলৈ মুখ্যমন্ত্ৰী সদায়েই আগ্রহী। সেয়ে তুলনামূলক বক্তব্যৰে এনে বিষয়ৰ ক্ষেত্ৰত ভুল ছবি দাঙি নধৰিবলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সংশ্লিষ্ট সকলো পক্ষক আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...