মিচিং আগম কৌবাঙৰ ২৪সংখ্যক সাধাৰণ অধিৱেশন আৰু সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

0 57

মিচিং আগম কৌবাঙে মিচিং জনগোষ্ঠীৰ জাতীয় জীৱনলৈ অপৰিসীম অৱদান আগবঢ়াইছে : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজিৰ গোগামুখৰ স্বৰ্গীয় ৰত্নেশ্বৰ পীমে লত্তাত অনুষ্ঠিত মিচিং আগম কৌবাঙৰ ২৪ সংখ্যক সাধাৰণ অধিৱেশন আৰু সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে কয় যে মিচিং আগম কৌবাঙ, মিচিং জাতীয় সংগঠনসমূহৰ শীৰ্ষস্থানীয় সংগঠনসমূহৰ ভিতৰত অন্যতম। সামাজিক সংগঠন হিচাপে মিচিং আগম কৌবাঙে মিচিং জনগোষ্ঠীৰ জাতীয় জীৱনলৈ অপৰিসীম অৱদান আগবঢ়াইছে। সমাজ এখনক সংগঠিত ৰূপত আগুৱাই নিয়াৰ দিশত সামাজিক সংগঠনসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ কয় যে মিচিং আগম কৌবাঙৰ ক্ষেত্ৰতো এইকথা বাৰুকৈয়ে প্রযোজ্য। মিচিংসকল অসমৰ এটা অন্যতম সমৃদ্ধিশালী জনজাতিস্বৰূপে পৰিচিত হোৱাৰ আঁৰত মূলতঃ ভাষা-সাহিত্যৰ ক্ষেত্ৰত মিচিং আগম কীবাঙৰ অৱদান অবিস্মৰণীয়। অসমৰ এক সমৃদ্ধিশালী জনগোষ্ঠী মিচিংসকলৰ ভাষা আৰু সাহিত্যৰ পৰম্পৰাগত সৌৰভ আছে। জনগোষ্ঠীটোৰ বৰ্ণাঢ্য লোক জীৱনৰ সমলসমূহে সাহিত্যৰ ধাৰাটোক সুকীয়া স্বৰূপ প্ৰদান কৰিছে। মিচিং আগম কৌবাঙৰ প্ৰয়াসৰ ফলতেই মিচিং সাহিত্যই আজি এক নতুন উচ্চতাত আৰোহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মিচিং ভাষা-সাহিত্য বিকাশৰ দিশত টাবুৰাম টাইদ আৰু নাহেন্দ্ৰ পাদুনৰ আশাশুধীয়া প্ৰয়াসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিচিং জনগোষ্ঠীৰ বহুকেইগৰাকী শিক্ষাবিদ, সাহিত্যিক তথা বৌদ্ধিক ব্যক্তিয়ে তিব্বতো-বর্মী শাখাৰ উত্তৰ অসম ঠালৰ মিচিং ভাষাক বিকশাই তোলাৰ বাবে লিপিৰ প্ৰয়োজনীয়তাৰ পোষকতা কৰিছিল আৰু এই লিপিৰ প্ৰশ্নৰ মাজেৰেই এদিন মিচিং আগম কৌবাঙৰ গঠন হৈছিল। তেওঁ কয় যে মিচিং ভাষাক নিম্ন শ্ৰেণীত শিক্ষাৰ বিষয় হিচাপে বাছনি কৰা, মিচিং ভাষাত শিশুৰ ওমলা গীতৰ পুথি ৰচনা কৰা, মিচিং ভাষাৰ শিক্ষকসকলৰ সুবিধাৰ বাবে সেই ভাষাৰ অভিধান যুগুত কৰা আদি বিভিন্ন কামত মিচিং আগম কীবাঙে সূচনা পৰ্বৰ পৰাই মনোনিবেশ কৰি ভাষাটোৰ উন্নতিৰ লগতে সাহিত্যৰ বিকাশৰ বাবেও কর্মযজ্ঞত ব্ৰতী হৈ আহিছে। মিচিং আগম কীবাঙৰ এটা ডাঙৰ কীৰ্তিস্তম্ভ হ’ল মিচিং শব্দকোষ বা অভিধানৰ প্ৰণয়ন। কেবাবছৰৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত এই শব্দকোষখন প্রণয়ন কৰি উলিওৱা হৈছিল। এই অভিধানখনৰ মাজতেই মিচিং ভাষা যুগ যুগলৈ জীয়াই থাকিব আৰু পৃথিৱীৰ বিভিন্ন ভাষা, সমাজ আৰু সংস্কৃতিৰ তুলনামূলক অধ্যয়ন কৰা গৱেষক পণ্ডিতসকলৰ কাৰণে ই এখন অমূল্য গ্ৰন্থ হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় টাবুৰাম টাইদে দেখুৱাই যোৱা পথেৰে মিচিং আগম কৌবাঙে মিচিং ভাষা-সাহিত্য বিকশাই তোলাৰ বাবে আজিও নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। শিক্ষাৰ মাধ্যমৰ পৰা মিচিং ভাষাত গ্রন্থ প্ৰণয়ন, অনুবাদ আৰু সাহিত্যৰ প্ৰতি নৱপ্ৰজন্মৰ অনুৰাগ বৃদ্ধিৰ বাবে মিচিং আগম কৌবাঙে লোৱা পদক্ষেপৰ বাবে আজি বহু কেইগৰাকী সাহিত্যিক মিচিং তথা অসমীয়া সাহিত্য জগতত প্ৰতিষ্ঠিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে লোক সাহিত্যৰ ক্ষেত্ৰত অত্যন্ত শক্তিশালী জনগোষ্ঠী হিচাপে মিচিং জনগোষ্ঠীৰ এক সুকীয়া পৰিচয় আছে। মিচিং জনগোষ্ঠীৰ লোক সাহিত্য উত্তৰ-পূৰ্বাঞ্চলৰ আন আন জনগোষ্ঠীসমূহৰ লোক সাহিত্যৰ পৰা স্বতন্ত্ৰ আৰু পৃথক। প্ৰব্ৰজনজনিত জীৱন, ঐতিহাসিক পটভূমি, সমকালীন ৰাজনৈতিক পটভূমি, সমকালীন অর্থনৈতিক পটভূমি, সমকালীন পৰিঘটনা আৰু লোকজীৱনৰ আধাৰত মিচিং লোক সাহিত্যৰ সৃষ্টি। মিচিং লোক সাহিত্যৰ স্ৰষ্টাসকলে মিচিং লোকসমাজত বৰ্তি থকা আচাৰ-আচৰণ, জ্ঞান- অভিজ্ঞতা, প্ৰথা-ৰীতি, উৎসৱ-পাৰ্বন, প্রকৃতি আদিৰ প্ৰতিচ্ছৱি মিচিং লোকসাহিত্যত বৰ্ণাঢ্যৰূপত অংকন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোত মিচিং জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৱদান আছে। কেৱল সাংস্কৃতিক দিশতে নহয়, আর্থ সামাজিক, ৰাজনৈতিক আদি বিভিন্ন দিশত এই জনগোষ্ঠীৰ লোকসকলে উল্লেখযোগ্য অৰিহণা যোগাই আহিছে। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় মিচিং জনগোষ্ঠীয়ে নিজৰ সাহস আৰু শৌর্য-বীৰ্যৰে এখন সমন্বয়ৰ অসম গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰিছিল বুলি তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে কয় যে মিচিং শিক্ষার্থীসকলক মাতৃভাষাৰ লগতে অসমীয়া আৰু ইংৰাজী ভাষা শিক্ষা প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব। আন্দোলন বিবর্জিত পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি ৰাজ্যখনত বিকাশে এক নতুন গতি লাভ কৰিছে। তেওঁ আশ্বাস প্ৰদান কৰি কয় যে আৱণ্টন লাভ কৰা ২৭০ বিঘা ভূমিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব। তেওঁ লগতে কয় যে মিচিং যুৱ মহোৎসৱৰ আয়োজনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে উদাৰ সাহায্য আগবঢ়াব।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্রাক-প্রাথমিক শ্ৰেণীৰ পৰা মাতৃভাষা তথা জনজাতীয় ভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্ত্তনৰ প্ৰস্তুতি হিচাপে আজি এচ.চি.ই.আৰ.টি. আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা ১১খন পুথি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় ভূৱন গাম, ড° অমিয় কুমাৰ ভূঞা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েংগীয়া, মিচিং আগম কীবাঙৰ সভাপতি গোবিন্দ টাইদ প্রমুখ্যে সাহিত্যিক, সাহিত্যানুৰাগী, বৌদ্ধিক ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.