দক্ষিণ কোৰিয়াৰ অট’ম’বাইল আৰু ইয়াৰ আনুষংগিক প্রতিষ্ঠানসমূহৰ শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ছিউলত অনুষ্ঠিত ৰোডশ্ব’ত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ অংশগ্ৰহণ

এডভান্টেজ আছাম ২.০ শীর্ষক সম্মিলনলৈ দক্ষিণ কোৰিয়াৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিসকলক আমন্ত্রণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হৈ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলনলৈ দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলক আমন্ত্রণ জনায়। মুখ্যমন্ত্রী ড° শৰ্মাই আগন্তুক এডভান্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলন উপলক্ষে আজি ছিউলত এক বর্ণাঢ্য ৰোডশ্ব’ত অংশগ্রহণ কৰি সম্ভাব্য বিনিয়োগকাৰীসকলক আমন্ত্রণ জনোৱাৰ লগতে অসমৰ ভৌগোলিক অৱস্থান, কৌশলগত সম্ভাৱনা আৰু ব্যৱসায়িক সুযোগ- সুবিধাসমূহৰ বিষয়ে উপস্থাপন কৰে। তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ হকে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এক্ট ইষ্ট পলিচিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিৰ লক্ষ্য হৈছে দক্ষিণ পূব আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধিৰ বাবে অসমক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চিহ্নিত কৰা। দক্ষিণ কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত আয়োজিত এই ৰোডশ্ব’ত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই দেশখনৰ ১৪০ জনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুৰব্বী তথা শীর্ষ উদ্যোগীসকলৰ লগতো মত বিনিময় কৰে। এডভান্টেজ আছাম ২.০ ৰ প্ৰতি দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলে প্রকাশ কৰা আগ্ৰহক প্রশংসা কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে দ্রুত বিকাশশীল বৃহৎ অর্থনীতি হিচাপে ভাৰতে বিশ্ব অর্থনীতিত স্থান লাভ কৰা বিষয়টোৱে তেওঁলোকক উৎসাহিত কৰি তুলিছে। তেওঁ লগতে উল্লেখ কৰে যে অসমে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ৰে পাৰস্পৰিক লাভৰ বাবে দক্ষিণ কোৰিয়াৰ ব্যৱসায়িক আৰু উদ্যোগীসকলক অনন্য সুযোগ আগবঢ়াব। মুখ্যমন্ত্রীয়ে কয় যে অসমক এক অগ্রণী বিনিয়োগৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিনিয়োগকাৰীৰে বন্ধুত্বপূর্ণ ব্যৱসায়িক পৰিৱেশ নিৰ্মাণৰ দিশত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ ত তেওঁলোকৰ অংশগ্রহণে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে এক পৰিৱেশ গঢ়ি তুলিব। অসমক অনন্য ৰূপত উপস্থাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসম কেৱল মাত্র বিনিয়োগৰ অপৰিসীম সম্ভাৱনাৰ বাবেই নহয়, পর্যটন ক্ষেত্রটো ই চহকী। চাহ বাগিচা, সুন্দৰ ৰিজৰ্টৰ লগতে ইউনেস্ক’ৰ তিনিটা বিশ্ব ঐতিহ্য ক্ষেত্রও অসমত আছে। এই স্থানসমূহে পর্যটকক আকর্ষিত কৰাৰ লগতে পর্যটকসকলক আতিথ্য প্রদান আৰু আমোদ-প্রমোদৰো ব্যৱস্থা কৰিব পাৰিব।

ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই কোৰিয়া ট্রেড ইনভেষ্টমেন্ট প্রমোশ্যন এজেন্সিৰ সভাপতি কিউংছুং কাঙৰ নেতৃত্বত এটা প্রতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্রীয়ে আগন্তুক এডভান্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলনলৈ তেওঁলোকক আমন্ত্রণ জনায়। তেওঁ কয় যে আগন্তুক এই সম্মিলনখন বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ সন্মুখত অসমৰ ঔদ্যোগিক আৰু বিনিয়োগৰ পৰিৱেশৰ বিষয়ে জ্ঞান বিনিময়ৰ এক মঞ্চ হিচাপে উপস্থাপিত হ’ব। বাণিজ্য, উদ্যোগ তথা দক্ষতা বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত অংশীদাৰীত্বৰে এই সম্মিলনে অসম আৰু কোৰিয়াৰ পাৰস্পৰিক ব্যৱসায়িক লাভৰ বাবে এক সুদৃঢ় সম্পর্ক গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। পর্যটন ক্ষেত্ৰত অসমৰ প্ৰচুৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ অ’এছএটি (আউট চ’র্চ ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট) পৰিপূৰক হিচাপে অসমক গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে দক্ষিণ কোৰিয়াৰ অট’ম’বাইল আৰু ইয়াৰ আনুষংগিক প্রতিষ্ঠানসমূহৰ মুখ্যকার্যবাহী তথা শীর্ষ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শর্মাই তেওঁলোকক অসমলৈ আমন্ত্রণ জনাই ৰাজ্যখনত অট’ম’বাইল আৰু আনুষংগিক সামগ্ৰী নিৰ্মাণৰ ক্ষেত্রত অসম চৰকাৰে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্রদান কৰে। দক্ষিণ পূব এছিয়াৰ ১০০ বিলিয়ন ড’লাৰৰ ভাৰতৰ অট’ম’বাইল উদ্যোগ ক্ষেত্ৰখনত প্ৰৱেশৰ বাবে তেওঁলোকক অসম চৰকাৰে সকলো ধৰণৰ সা-সুবিধা আগবঢ়াব বুলিও মুখ্যমন্ত্রীয়ে কয়।

Popular

More like this
Related

পেৰাগ্লাইডিং কৰি থাকোঁতেই পাহাৰৰ পৰা তললৈ পৰি গ’ল পৰ্যটক

পেৰাগ্লাইডিং কৰি থাকোঁতেই পাহাৰৰ পৰা তললৈ পৰি গ'ল পৰ্যটক।...

২১ জানুৱাৰীত নহয় অসম বন্ধ, স্থগিত ৰখাৰ ঘোষণা আক্ৰাছুৰ

আক্ৰাছুৱে ২১ জানুৱাৰীত ঘোষণা কৰা অসম বন্ধ স্থগিত। মন্ত্ৰী...

বৰ্তমান কেনে ছেইফ আলী খানৰ স্বাস্থ্য?

ছেইফ আলী খানৰ আক্ৰমণৰ ঘটনাই জোকাৰি গ'ল বলীউড। আক্ৰমণৰ...

আমেৰিকাত টিকটক নিষিদ্ধ কৰাৰ আচল কাৰণ কি?

২০২৫ চনৰ ১৯ ​​জানুৱাৰীত টিকটকত লগ ইন কৰা লাখ...