স্বাধীনতা দিৱসৰ শুভক্ষণত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা ঘোষণা

সমগ্ৰ দেশে পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। অসমতো খানাপাৰাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিলে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা। অসমবাসীৰ বাবে জনালে বহুকেইটা ভাল খবৰ।

ইংৰাজৰ শাসনৰ পৰা মুক্ত হৈ আজিয়েই দেশে গাইছিল স্বাধীনতাৰ গান। বহু মুক্তি যুঁজাৰুৰ অমৰ বলিদানৰ পৰিপ্ৰেক্ষিততে দেশত উৰিছিল মুক্ত স্বাধীন কপৌহাল। সেয়ে আজি সকলোৱেই গাইছে স্বাধীনতাৰ জয়গান। সকলোৰে মুখত স্বদেশ, স্বজাতিৰ সুৰতান।

খানাপাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন ৰাজ্য চৰকাৰৰ
খানাপাৰাত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে
জ্যোতিৰ আভাৰে ভাষণৰ শুভাৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ
দেশৰ সেনানী, মুক্তি যুঁজাৰু, জাতিৰ পিতা মহাত্মাকো সশ্ৰদ্ধ সোঁৱৰণ

আকৰ্ষণীয় পেৰেডেৰে আৰম্ভ হ’ল ৭৮ সংখ্যক স্বাধীনতাৰ কাৰ্যসূচী। বাজি উঠিল গৌৰৱ সংগীত। অনুষ্ঠিত হল নয়ন জুৰোৱা সাংস্কৃতিক অনুষ্ঠানো। অনুষ্ঠানত প্ৰকাশ পালে অসমৰ গৌৰৱোজ্বল কৃষ্টি সংস্কৃতি। তাৰ পিছতেই আৰম্ভ হল মুখ্যমন্ত্ৰীৰ ভাষণ। স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া অসমৰ বীৰ–বীৰাংগনা, বৰণীয়া জাতীয় পতাকা, বাংলাদেশৰ ঘটনাত মৃত্যুবৰণ কৰা সকললৈ শ্ৰদ্ধা প্ৰকাশ পালে মুখ্যমন্ত্ৰীৰ ভাষণত। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, জাগীৰোডৰ ছেমি কণ্ডাক্টৰ, সীমা সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। ক’লে
ৰাজ্যত ১ লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পথত, এতিয়া লক্ষ্য ডেৰ লাখ…

অবিভক্ত গোৱালপাৰা জিলাত জনজাতীয় ভূমি সুৰক্ষাৰ বাবে কঠোৰ ৰাজহ আইন
সত্ৰৰ মাটি আন সম্প্ৰদায়ৰ হাতলৈ নাযাবলৈ কঠোৰ ৰাজহ আইন
মুখ্যমন্ত্ৰীৰ বজ্ৰকঠোৰ সংকল্প : ২০২৬ৰ ভিতৰত সম্পূৰ্ণ নিৰ্মূল হ’ব বাল্যবিবাহ
অসমৰ ভৱিষ্যতক লৈও উদ্বিগ্ন মুখ্যমন্ত্ৰী
হিন্দু-মুছলমানৰ জনসংখ্যাৰ ভাৰসাম্য হ্ৰাস পাইছে : মুখ্যমন্ত্ৰী
পৰিয়াল কল্যাণৰ নিয়মসমূহ মানি চলিবলৈ ৰাইজলৈ আহ্বান

লগতে স্বাধীনতা দিৱসৰ শুভক্ষণত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা ঘোষণা।
গুৱাহাটীত এইবাৰ স্থাপন হ’ব তৃতীয়খন মেডিকেল কলেজ
২০২৫ চনত বঙাইগাঁও, সোণাৰি, বিশ্বনাথত হ’ব মেডিকেল কলেজ

কনকলতাৰ নামত গহপুৰত হ’ব ৰাজ্যিক বিশ্ববিদ্যালয়
বি টি এ ডিৰ চিকনাঝৰাত হ’ব ৰাজ্যৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান

শেষত অম্বিকাগিৰী ৰায়চৌধুৰীৰ বাক্যাংশৰে ভাষণ সামৰি ৰাইজক পুনৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...