আয়ুষ্মান কার্ড প্রদান প্ৰক্ৰিয়াত দুৰ্নীতি নিৰ্মূলৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দৰিদ্ৰ লোকক আয়ুষ্মান কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াত ৰাজ্যৰ কোনো কোনো ঠাইত ব্যাপক দুর্নীতি সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ অসম চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত দায়িত্ব লাভ কৰা সংশ্লিষ্ট কোম্পানীয়ে বিভিন্ন দুর্নীতি-অনিয়মত জড়িত হোৱাৰ অভিযোগো চৰকাৰে লাভ কৰিছে। সেয়ে আয়ুষ্মান কাৰ্ড প্ৰদানৰ দায়িত্ব প্ৰদান কৰা তিনিওটা কোম্পানীক এই দায়িত্বৰ পৰা তৎকালীনভাৱে অব্যাহতি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। এইক্ষেত্ৰত উত্থাপিত দুৰ্নীতিৰ অভিযোগসমূহ সন্দৰ্ভত ক্ষিপ্ৰ আৰু বিতং তদন্তৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।

এক বিবৃতিত ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিয়ে যে, কোনো কোম্পানীৰ জৰিয়তে নহয়, ৰাজ্য চৰকাৰে নিজা ব্যৱস্থাৰে পোনপটীয়াকৈ ৰাজ্যৰ দৰিদ্ৰ লোকসকলক আয়ুষ্মান কার্ড প্রদান কৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ মধ্যভোগীৰ অস্তিত্ব সহ্য কৰা নহ’ব বুলিও বিবৃতিটোত সতৰ্ক কৰি দিয়া হয়। আনহাতে, এই সন্দৰ্ভত দুর্নীতি-অনিয়মত লিপ্ত হোৱা যিকোনো ব্যক্তি তথা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ জাৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...