ভূটানৰ প্ৰধানমন্ত্ৰী আৰু উদ্যোগীসকলক অসমলৈ আমন্ত্রণ মুখ্যমন্ত্ৰীৰ

এডভান্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত আয়োজিত ব্যৱসায়িক সম্মিলন আৰু ৰোড শ্ব’ত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সম্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ গ্রহণ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমে আজি আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধন কৰি বাণিজ্য আৰু বিনিয়োগৰ অংশীদাৰিত্বৰে নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰিছে। ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে যে অসমে এক্ট ইষ্ট পলিচিৰ জৰিয়তে বিভিন্ন খণ্ডত হোৱা সফলতা লাভ কৰিছে। এডভান্টেজ আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ চামিট-২০২৫ৰ প্ৰসাৰৰ হকে ভূটানৰ পৰা আৰম্ভ কৰা ৰোড শ্ব’ই যুগ যুগ ধৰি অব্যাহত থকা অসম আৰু ভূটানৰ ঐতিহাসিক বন্ধুত্বমূলক সম্পর্ক তথা অর্থনৈতিক আদান প্রদানৰ দিশটোও অধিক ত্বৰান্বিত কৰিব। তেওঁ লগতে ৰয়েল ভূটান চৰকাৰৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণৰ বাবে আমন্ত্রণ লাভ কৰাৰ বাবে নিজকে সৌভাগ্যৱান বুলি কয়। তেওঁ কয় যে দুয়োটা ভৌগোলিক ভূখণ্ডক সংযোগ কৰা প্রাচীন বাণিজ্যিক পথসমূহ কেৱল চাহ, ৰেচম আৰু অন্যান্য সামগ্ৰী সৰবৰাহৰ পথ নাছিল বৰং ই আছিল পাৰস্পৰিক বুজা বুজি আৰু আন্তনিৰ্ভৰশীলতাৰ জীৱন ৰেখা। যোৱা বছৰৰ ৯ নৱেম্বৰ মাহত ভূটানৰ ৰজাৰ অসম ভ্রমণে অসম আৰু ভূটানৰ ঐতিহাসিক বন্ধুত্বপূর্ণ সম্পর্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে পাৰস্পৰিক বুজা বুজি আৰু গুৰুত্বপূর্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত দুয়োখন দেশকে নতুন পদক্ষেপৰ সন্ধানত অনুপ্ৰেৰণা যোগাব।

তেওঁ কয় যে অহা বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত এডভান্টেজ আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ চামিট আয়োজন কৰা হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই সম্মিলনে সমগ্র দক্ষিণ এছিয়াত বিনিয়োগ আৰু অংশীদাৰিত্ব গঢ়ি তোলাত এক নতুন মাত্রা প্রদান কৰিব। তেওঁ অসমত অনুষ্ঠিত হোৱা এডভান্টেজ আসামৰ যোৱা সংস্কৰণত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ উপস্থিত থকাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক অহা বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম ইনভেষ্টমেন্ট এন্ড ইনফ্রাস্ট্রাকচাৰ সম্মিলত অংশগ্ৰহণৰ কৰি অনুষ্ঠানটোৰ শোভাবর্ধন কৰিবলৈ আমন্ত্রণ জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...