২০২৪ আৰু ২৫ চনত ক্ৰমে ৩ কোটি আৰু ৫ কোটি গছপুলি ৰোপণৰ কথা ঘোষণা

বৃক্ষ অর্থনীতি সম্প্ৰসাৰণৰ পদক্ষেপ হিচাপে অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনে ৯টা নতুন গীনিজ বিশ্ব অভিলেখ লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গীনিজ ৱৰ্ল্ড ৰেকৰ্ড এডজুডিকেটৰ স্বপ্নীল ডাংগাৰিকৰৰ পৰা ইয়াৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্রী শৰ্মাই শুভাৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যজুৰি যোৱা ১৭ ছেপ্টেম্বৰত একেটা দিনতে সৰ্বমুঠ ১,১১,১৭,৭৮১ টা বাণিজ্যিকভাৱে মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ সদস্য, আশাকর্মী, অংগনবাড়ী কর্মী, শিক্ষানুষ্ঠান, ভিডিপিকে ধৰি আৰক্ষী, চাহ বাগিচাৰ কৰ্মী আৰু অন্যান্য নাগৰিকৰ সক্ৰিয় অংশগ্রহণেৰে জনভাগীদাৰীৰ আৰ্হিত সমগ্র প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়। ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে আৰম্ভ কৰা ঐতিহাসিক বৃহৎ বৃক্ষ ৰোপণ অভিযানেৰে গীনিজ বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল। সেই অনুসৰি ৯ টা শিতানত অমৃত বৃক্ষ আন্দোলনে ৯ টা অভিলেখ গঢ়িবলৈ সক্ষম হয়। প্রথমটো শাখাত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২২.২২ কিলোমিটাৰ দীঘল শাৰীত অগৰু আৰু মেহগনি প্ৰজাতিৰ ৩,২২,৪৪৪ টা পলি-পটেড গছপুলি কুণ্ডলী আকৃতিত সজাই গছপুলিৰ দীৰ্ঘতম শাৰী হিচাপে গীনিজ বিশ্ব অভিলেখ গঢ়িছিল।

দ্বিতীয় শাখাত ২৪ ঘণ্টাৰ ভিতৰত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৩, ২২, ৪৪৪ টা পুলি বিতৰণেৰে একেটা স্থানতে সর্বোচ্চ সংখ্যক গছপুলি বিতৰণ কৰি উত্তৰ প্ৰদেশ বন বিভাগে প্রয়াগৰাজত ২০১৮ চনত ৭৬,৮২৫ টা গছপুলি বিতৰণৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অসমে নতুন গীনিজ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

তৃতীয় শাখাত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চলত ধনশিৰি বন বিভাগৰ দ্বাৰা ২৪ ঘণ্টাত ১০০ হেক্টৰ ভূমিত ৯,২১,৭৩০ টা গছপুলি ৰোপণেৰে ২০১৩ চনত পাকিস্তানে খাৰোচনত স্থাপন কৰা ৮,৪৭,২৭৫ টা গছপুলি ৰোপণৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অসমে নতুন গীনিজ বিশ্ব অভিলেখ গঢ়ে।

চতুর্থ শাখাত ডিব্ৰুগড় জিলাৰ অভয়পুৰত ডিব্ৰুগড় বন সংমণ্ডলৰ ৮,৯০০ গৰাকী লোকে ৩,৩১,৯২৯ টা গছপুলি ৰোপণেৰে ১ ঘণ্টাত এটা দলৰ দ্বাৰা সৰ্বাধিক গছপুলি ৰোপণৰ গীনিজ বিশ্ব অভিলেখ গঢ়ে।

পঞ্চম শাখাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ৮,৫৬৩.০১ বর্গমিটাৰ ঠাইৰ ওপৰত পটেড গছপুলিৰ মোজাইক সৃষ্টি কৰা হয়, য’ত কেন্দ্ৰত এটা এশিঙীয়া গঁড়ৰ সৈতে অসমৰ মানচিত্ৰ প্ৰদৰ্শনেৰে গছপুলি সৰ্ববৃহৎ মোজাইক সৃষ্টিৰ নতুন গীনিজ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই মোজাইক সৃষ্টিত মুঠ ৬,৩২,০০০ গছপুলি ব্যৱহাৰ কৰা হৈছিল।

ষষ্ঠ শাখাত শিৱসাগৰ জিলাৰ গেলেকীত ১,২২৯ গৰাকী ছাত্ৰীয়ে মাত্র ৫৮ ছেকেণ্ডত ১,২২৯ টা অগৰু গছৰ পুলি ৰোপণেৰে সৰ্বাধিক অংশগ্ৰহণকাৰীৰ দ্বাৰা একেলগে গছপুলি ৰোপণৰ গীনিজ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

সপ্তম শাখাত ৭০,৪৯০ গৰাকী লোকে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত পি চি চি এফ আৰু এইচ অ’ এফ এফ, অসমে প্ৰদান কৰা অনলাইন ইউনিটৰ পাঠদৰ্শনৰ যোগেদি পৰিৱেশ বহনক্ষমতা সন্দৰ্ভত সৰ্বাধিক দৰ্শকৰ দ্বাৰা ইউটিউবট পোনপটীয়া সম্প্ৰচাৰ দৰ্শনৰ গীনিজ বিশ্ব অভিলেখ গঢ়ে। যোৱা ১১ ছেপ্টেম্বৰত প্ৰধান মুখ্য বন সংরক্ষক তথা অসমৰ বন বাহিনীৰ মুৰব্বী গৰাকীয়ে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষমতাৰ ওপৰত এই পাঠ অনলাইনত প্ৰদান কৰিছিল।

গছ ৰোপণ কৰা লোকসকলৰ সৰ্ববৃহৎ ফটো এলবামৰ সৃষ্টি কৰা হৈছিল। অমৃত বৃক্ষ আন্দোলন পৰ্টেলত গছপুলি ৰোপণ কৰা লোকৰ ৭১,৮২,৩৫৮ খন ফটোৰ অনলাইন এলবাম আপলোড কৰি অষ্টম অভিলেখ স্থাপন কৰা হৈছিল। পৰিৱেশ বহনক্ষমতা অভিযানৰ বাবে যোৱা ৯ পৰা ১৭ ছেপ্টেম্বৰলৈ এটা মাহত সৰ্বাধিক লোকে শপত গ্ৰহণ কৰে। গছপুলি ৰোপণ আৰু সুৰক্ষাৰ বাবে অমৃত বৃক্ষ আন্দোলনত ২০২৩ সময়ত অনলাইনযোগে ৰাইজৰ ৪৭,২৮,৮৯৮ টা শপত গ্ৰহণৰে নৱমটো গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলা হৈছিল।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বনাঞ্চলৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালীকৰণৰ উদ্দেশ্যৰে অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হৈছিল। তেওঁ লগতে কয় যে পৰিৱেশ বিজ্ঞানৰ সৈতে খাপখোৱা অৰ্থনীতি গঢ়ি তোলাৰ দিশত ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ দি সেউজ অর্থনীতি গঢ়ি তোলাৰ বাবে কাম কৰি আহিছে।

মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্য চৰকাৰে জনভাগীদাৰিত্বৰে আন্দোলনৰ সূচনা কৰি আহিছে। অমৃত বৃক্ষ আন্দোলন এই পদক্ষেপৰে অংশ বুলি উল্লেখ কৰি তেওঁ কয় যে জনসাধাৰণে ৰাজ্যখনৰ সেউজ আভৰণ সম্প্ৰসাৰণৰ দিশত সক্রিয়ভাবে অংশ গ্ৰহণ কৰা বাবেই বিশ্ব অভিলেখ স্থাপন কৰাটো সম্ভৱ হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অমৃত বৃক্ষ আন্দোলনত ব্যাপকভাবে অংশ গ্ৰহণ কৰি অনলাইনত আপলোড কৰাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে জনসাধাৰণে এই আন্দোলনত সহযোগিতা আগবঢ়োৱাটোৱে নতুন অসম নিৰ্মাণৰ প্ৰমাণ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ অসম আৰু ৰাজ্যখনৰ জনসাধাৰণক সকলো প্ৰকাৰে সহায় কৰি বিভিন্ন ক্ষেত্ৰত অভিলেখ গঢ়াৰ দিশত উদাৰমনে সহযোগিতা আগবঢ়াই আহিছে। তেওঁ লগতে কয় যে ২০২৪ আৰু ২০২৫ চনত ৰাজ্য চৰকাৰে ক্ৰমে তিনি আৰু পাঁচ কোটি বৃক্ষ ৰোপণৰ বাবে প্ৰয়াস চলাব। মুখ্যমন্ত্রীয়ে কয় যে ২০২৫ চনত ৰাজ্য চৰকাৰে ২৫ হাজাৰ বিহুৱা আৰু বিহুৱতীক লৈ নতুন দিল্লীত বিহু নৃত্য পৰিৱেশন কৰি আন এক অভিলেখ গঢ়িবলৈ চেষ্টা কৰিব।

এই অনুষ্ঠানত পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, পিচিচি এফ এম কে যাদৱে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিধায়ক সুৰেন ফুকন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান জিপি সিং আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...

টংলাৰ ২ দেৱশিশুৰ হত্যা ৰহস্য ফাদিল

অকল্পনীয়, অবাস্তৱ, লোমহৰ্ষক। মাত্ৰ ১০ মিনিটতে ২ ভাতৃক হত্যা।...