ছিউলত কোৰিয়া গণ্যৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, স্টার্ট আপ মন্ত্রী ইয়ংজুক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনলৈ উদ্যোগপতি, বিনিয়োগকাৰী আৰু উদ্যোগীসকলক আকৰ্ষণ কৰা উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে সম্প্রতি দক্ষিণ কোৰিয়া ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা ছিউলত কোৰিয়া গণ্যৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, ষ্টার্ট আপ মন্ত্রী ইয়ংজুক সাক্ষাৎ কৰে। এই সাক্ষাতকালত মুখ্যমন্ত্রী ড° শৰ্মাই দক্ষিণ কোৰিয়াৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ লগত জড়িত একাধিক বিষয়ত আলোচনা কৰাৰ উপৰি অসম আৰু দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ষ্টার্টআপ ইউনিটৰ মাজত সহযোগিতা সন্দর্ভতো আলোচনা কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত সূচনা হোৱা স্টার্ট আপ আন্দোলনে অসম আৰু দক্ষিণ কোৰিয়া উভয়কে কিদৰে লাভান্বিত কৰিব সেই বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্রী ড° শৰ্মাই দক্ষিণ কোৰিয়াৰ চিলিকন ভেলী হিচাপে খ্যাত পাংগিঅ’ টেকন’ভেলী স্টার্ট আপ কেম্পাছ পৰিদৰ্শন কৰি দক্ষিণ কোৰিয়াৰ ষ্টাৰ্ট আপ ইক ‘ছিষ্টেমৰ সম্পৰ্কেও বিতংভাৱে বুজ লয়। উল্লেখ্য যে টেকন’ভেলী হৈছে এক উদ্ভাৱনীমূলক কোৰিয়ান ধাৰণা য’ত একেটা চৌহদতে ষ্টার্ট আপ আৰু বিভিন্ন প্রযুক্তিগত পটভূমিৰ পৰ অহা আই টি, বায় ‘টেক আৰু সাংস্কৃতিক উদ্যোগীসকলৰ সমাৱেশ ঘটে। মুখ্যমন্ত্রী ড° শর্মাই এই টেকন’ভেলী পৰিদৰ্শনৰ সময়ছোৱাত কেইবাজনো ষ্টার্ট আপ অংশীদাৰৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ পূৰ্বে আজি মুখ্যমন্ত্রী ড° শর্মাই এছ কে হায়নিক্স প্রতিষ্ঠানৰ উপাধ্যক্ষ ড° জুন চয়ৰ সৈতেও এক বৈঠকত মিলিত হৈ অৰ্দ্ধপৰিবাহী খণ্ডৰ বিভিন্ন বিষয় সন্দৰ্ভতো আলোচনা কৰে। ড° শৰ্মাই অসমক বিশ্বব্যাপী অৰ্দ্ধপৰিবাহী খণ্ডৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰভিত্তিত অৰ্দ্ধপৰিবাহী ইক’ ছিষ্টেম খণ্ডটোত কাম কৰি অহাৰ কথা উল্লেখ কৰি অসমৰ জাগীৰোডত ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে স্থাপন হ’বলগীয়া অৰ্দ্ধপৰিবাহী ইউনিটটোৱে ৰাজ্যত প্রত্যক্ষ আৰু পৰোক্ষভাৱে বৃহৎ নিয়োগ সৃষ্টি কৰিব বুলি ড° চয়ক অৱগত কৰে।

মুখ্যমন্ত্রী ড° শৰ্মাই আজি অৰ্দ্ধপৰিবাহী আৰু এল ই ডি প্রযুক্তি কামৰ লগত জড়িত প্রতিষ্ঠান ছিউল ভিঅ’ছিছৰ মুখ্য কার্যবাহী বিষয়া লি ইয়ং জোকো সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্রীয়ে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনলৈ বিষয়াগৰাকীক আমন্ত্রণ জনোৱাৰ লগতে অসমত নতুনকৈ গঢ় লৈ উঠা অৰ্দ্ধপৰিবাহী খণ্ডটোত যোগদানৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্রী ড° শর্মাই অসমলৈ আহি অৰ্দ্ধপৰিবাহী উদ্যোগত কাম কৰাৰ প্রতি আগ্রহ প্রকাশ কৰা সকলো প্রতিষ্ঠানকে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি কয়। মুখ্যমন্ত্রী ড° শৰ্মাই আজি নৱীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্রতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষগৰাকীকো সাক্ষাৎ কৰি স্বচ্ছ শক্তি আৰু ভৱিষ্যতৰ সেউজ পৃথিৱীখনৰ বাবে দক্ষিণ কোৰিয়াৰ সৈতে অংশীদাৰিত্বৰে কাম কৰি যোৱাৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে। ২০৩০ চনত অসমে ৩ হাজাৰ মেগাৱাট সেউজ শক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে লোৱা পৰিকল্পনাৰ কথাও সাক্ষাৎকালত সদৰি কৰে। এই অভিলাষী লক্ষ্য পূৰণত অসমক সহায় তথা সেৱা আগবঢ়োৱাৰ লগতে দক্ষ কর্মশক্তি প্রশিক্ষণ প্রদান কৰিবলৈ কোৰিয়াৰ উদ্যোগীসকলৰ সৈতে অংশীদাৰিত্বৰে কাম কৰি যোৱাৰ আগ্ৰহৰ কথাও মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰে।
‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনৰ বাবে বিশ্বব্যাপী উদ্যোগী আৰু ব্যৱসায়ীসকলক আকৰ্ষণৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° শৰ্মাৰ শেহতীয়া দক্ষিণ কোৰিয়া ভ্রমণ যথেষ্ট সফল হোৱাৰ লগতে এই সম্মিলনলৈ কোৰিয়াৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ অংশগ্ৰহণৰ বাবে প্ৰকাশ কৰা আগ্ৰহ আৰু উৎসাহক মুখ্যমন্ত্রীয়ে উষ্ম আদৰণি জনায়।

Popular

More like this
Related

অগ্নিকাণ্ডত ৬৬জন লোকৰ মৃত্যু: ১১ মহলাৰ পৰা ৰছীৰে নামি প্ৰাণ বচোৱাৰ চেষ্টা

তুৰস্কত শোকাৱহ ঘটনা সংঘটিত হৈছে। বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত...

গণৰাজ্য দিৱসৰ পেৰেড : দেখা নাযাব অসমৰ প্ৰতীক পট

গণৰাজ্য দিৱসৰ অনুষ্ঠানত এইবাৰো দেখা নাযাব অসমৰ প্ৰতীক পট।...

কপালত নাছিল…কল্ডপ্লেৰ টিকট পাইও চাবলৈ নাপালে প্ৰাচীয়ে

আপুনি যদিহে পাশ্চাত্য সংগীত ভাল পায় তেন্তে কল্ডপ্লেৰ গীত...

গুৱাহাটীলৈ বিপদ মাতিছে এখন উৰণ সেতুৱে

বিগত কেইবামাহ ধৰি ছইমাইল উৰণ সেতুখনক লৈ ভীষণ হাৰাশাস্তিৰ...