ওদালগুৰিত সংঘটিত ঘটনা CIDৰ জৰিয়তে তদন্ত কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধানক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ওদালগুৰি জিলাত শেহতীয়াকৈ আৰক্ষীৰে হোৱা সংঘৰ্ষৰ ফলত এজন ডকাইত নিহত হোৱাৰ উপৰি আৰক্ষী উপ-পৰিদৰ্শক হীৰাজ্যোতি পেগু আৰু কনিষ্টবল সুকুমাৰ বৰ্মন গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘটনাস্থলীৰ পৰা অস্ত্ৰ আদিও উদ্ধাৰ হোৱা বিষয়টো চি আই ডিৰ জৰিয়তে সবিশেষ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী সঞ্চালকপ্রধানক নির্দেশ দিছে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ উপৰি চি আই ডিৰ তদন্তৰো নিৰ্দেশ দিয়ে। তেওঁ লগতে দুসপ্তাহৰ ভিতৰত চি আই ডিৰ প্ৰতিবেদন দাখিল কৰিবলৈও আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...