বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, সাহিত্য অকাডেমি বঁটা প্ৰাপক এই গৰাকী বিশিষ্ট কবিয়ে অসমীয়া কাব্য সাহিত্যৰ বিকাশত উল্লেখযোগ্য অৰিহণা আগবঢ়াই গৈছে। আধুনিক কাব্য সাহিত্যক এক নতুন গতি প্ৰদান কৰা এইগৰাকী কবিৰ সৃষ্টিৰাজিৰ মাজত সমসাময়িক সমাজ জীৱন, মানবীয় মূল্যবোধকে ধৰি সমাজ জীৱনৰ ভিন্নমুখী দিশসমূহ প্রতিফলিত কৰিছিল। তেখেতে কেইবাখনো কাব্যগ্রন্থ প্রণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। কবিগৰাকীৰ বিয়োগ সাহিত্য ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে বিশিষ্ট কবিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...